অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

প্ৰকৃততে কি হৈছিল গৌৰীসাগৰ থানাত! কেনেকৈ আৰক্ষীৰ জিম্মাত মৃত্যু হ’ল বাইক চোৰৰ!

বাইক চোৰৰ মৃত্যুক কেন্দ্ৰ কৰি গৌৰীসাগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ

বাইক চোৰৰ মৃত্যুক কেন্দ্ৰ কৰি গৌৰীসাগৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গৌৰীসাগৰ থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হয় বাইক চোৰ বাবু গোৱালাৰ। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে গৌৰীসাগৰ। লগতে একাংশ স্থানীয়লোকে ঘেৰাও কৰে গৌৰীসাগৰ থানা। মঙলবাৰে গৌৰীসাগৰ থানাত আৰক্ষীৰ জিম্মাতে মৃত্যু হয় বাইক চোৰ বাবু গোৱালাৰ।
নিশা আৰক্ষীৰ জালত পৰিছিল বাবু গোৱালা। ইতিমধ্যে, গৌৰীসাগৰ থানাৰ ভাৰপ্তাপ্ত আৰক্ষী বিষয়া সত্যজিত বৰঠাকুৰক নিলম্বন কৰে শিৱসাগৰ আৰক্ষীয়ে।

 

উল্লেখ্য যে, মঙলবাৰে বিয়লি গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপৰ পৰাই চুৰি হৈছিল পুতুল দাস নামৰ এজন ব্যক্তিৰ বাইক। CCTV ফুটেজৰ আধাৰত গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিছিল বাবু গুৱালা নামৰ যুৱকজনক। আৰক্ষীয়ে জনোৱা অনুসৰি চুৰি বাইক দেখুৱাবলৈ যাওঁতেই পুখুৰীত জাঁপ দিয়াত বাবু গোৱালাৰ মৃত্যু হয় বুলি ব্যক্ত কৰে আৰক্ষীয়ে।

স্থানীয়লোক তথা আত্মীয় স্ৰজনৰ দাবী এয়ে যে মৃত বাবু গোৱালাক যিদৰে আৰক্ষীলোকে আনি থানাত মাৰিলে সেইদৰে মৃতদেহ আনি থানাত সৎকাৰ কৰক। পুখুৰীত পৰি মৃত্যু হোৱা কথাক অস্বীকাৰ কৰি ৰাইজে আৰক্ষীযৰ এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.