অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়মনোৰঞ্জনসাহিত্য

Busan international Film festivalত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ‘তৰাচ হাছবেণ্ড’(Tora’s Husband)

‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত প্ৰদৰ্শিত হ’ব ‘তৰাচ হাছবেণ্ড’

Busan international Film festivalত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ‘তৰাচ হাছবেণ্ড’(Tora’s Husband)

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি নিৰ্মাতা অসমৰ ৰীমা দাসৰ শেহতীয়া ছবি ‘তৰাচ হাছবেণ্ড’(Tora’s Husband) নিৰ্বাচিত হৈছে ভূষণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Busan international Film festival)ৰ বাবে। ২৭তম ভূষণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ‘তৰাচ হাছবেণ্ড’ শীৰ্ষক ছবিখন। ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘বুলবুল কেন ছিং’ৰ পাছত তেওঁৰ নতুন ছবি ‘তৰাচ হাছবেণ্ড’য়ে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত স্থান লাভ কৰিছে।

 

তথ্য অনুসৰি, আগন্তুক অক্টোবৰ মাহৰ ৫ ৰ পৰা ১৪ তাৰিখলৈ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ব ২৭ সংখ্যক ভূষণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (BIFF)। ‘A window on Asian cinema’ শীৰ্ষক এক বিশেষ শাখাত প্ৰদৰ্শিত হ’ব ‘তৰাচ হাছবেণ্ড’।এই বিশেষ শাখাটোৱে সু-প্ৰতিষ্ঠিত পৰিচালকসকলৰ লগতে উদ্যোগটোৰ আহিবলগীয়া শেহতীয়া চলচ্চিত্ৰসমূহৰ ওপৰত আলোকপাত কৰিব।

 

ৰীমা দাসৰ ‘তৰাচ হাছবেণ্ড’ৰ লগতে Busan international Film festivalত প্ৰদৰ্শিত হ’ব নন্দিতা দাসৰ জৱিগাটো(Zwigato), পুষণ কৃপালানিৰ গোল্ডফিছ(Goldfish), মহেশ নাৰায়ণৰ আৰিয়িপ্পু(Ariyippu) আৰু অৰবিন্দ প্ৰতাপৰ মাৰিয়াম(Mariam)

 

ৰীমা দাসৰ ‘তৰাচ হাছবেণ্ড’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিত দাস আৰু তৰালী কলিতা দাসে। ছবিখনৰ কাহিনীভাগ হৈছে, এজন মৰমীয়াল পিতৃ আৰু এজন দয়ালু ওচৰ-চুবুৰীয়াৰ কাহিনী। লকডাউনৰ সময়ত দৃশ্যগ্ৰহণ কৰা, চলচ্চিত্ৰখনে মহামাৰীৰ সময়ত এখন সৰু চহৰৰ জীৱন ৰচনা কৰে। ছবিখনত কভিড-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক বিবাদৰ মাজত জানে (অভিজিত দাস) তেওঁৰ ক্ষুদ্ৰ ব্যৱসায়টি ভালদৰে ৰাখিবলৈ সংগ্ৰাম কৰে। ব্যৱসায় উন্নত হোৱাৰ সম্ভাৱনা ক্ষীণ দেখাৰ বাবে তেওঁৰ ধৈৰ্য্য ক্ষীণ হৈ পৰিছিল আৰু জানে পত্নী তৰা (তৰালী কলিতা দাস)কে আদি কৰি তেওঁৰ বন্ধু আৰু পৰিয়ালৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 2 =

Check Also
Close
Back to top button