দুৰ্ঘটনা

দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যুক সাবটিলে ১৩ জন যাত্ৰীয়ে…

ভৰম খাটৰ বেইলা গাঁৱৰ পৰা চক্ৰতাৰ বিকাশনগৰলৈ গৈ থকা সময়তে পথৰ পৰা বাগৰি তলত পৰে এখন যাত্ৰীবাহী বাছ।

প্ৰকৃতিৰ ৰম্যভূমি উত্তৰাখণ্ডত পুনৰ অঘটন। উত্তৰাখণ্ডত প্ৰাণ হেৰুৱালে ১৩ জন লোকে।

দেওবাৰে পুৱা উত্তৰাখণ্ডৰ চক্ৰাতাত সংঘটিত হয় এই দুৰ্ঘটনা। দ খাৱৈত বাগৰি পৰে এখন যাত্ৰী কঢ়িয়াই নিয়া বাছ। চক্ৰতা অঞ্চলৰ অন্তৰ্গত টিউদি পথত সংঘটিত হয় দুৰ্ঘটনা। ভৰম খাটৰ বেইলা গাঁৱৰ পৰা চক্ৰতাৰ বিকাশনগৰলৈ গৈ থকা সময়তে পথৰ পৰা বাগৰি তলত পৰে এখন যাত্ৰীবাহী বাছ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী বাহিনীয়ে স্থানীয় লোকৰ সহায়ত আৰম্ভ কৰে উদ্ধাৰ অভিযান। ঘটনাস্থলীৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ১৩ জন লোকৰ মৃতদেহ। স্থানীয় লোকৰ সহযোগতেই মৃতদেহকেইটা ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে SDRF বাহিনীয়ে। উত্তৰাখণ্ডৰ এই অঞ্চলটো যথেষ্ট পিছপৰা হোৱাৰ বাবে উদ্ধাৰকাৰী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়, যিহেতু মূল পথৰ পৰা ৩০০ ফুট তলত বাগৰি পৰে বাছখন।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। SDRF বাহিনীৰ তথ্য অনুসৰি, দুৰ্ঘটনাত ১৩ জন লোক নিহত হোৱাৰ বিপৰীতে বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.