AssamCultureFoodInternationalleatest updateSocialSocial Networkঅসমখাদ্যদৈনিক বাতৰিবতৰবিজ্ঞান

দৈ গাখীৰৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক!

কিয় খাব লাগে দৈ গাখীৰ

গাখীৰৰ আংশিক ৰাসায়নিক পৰিৱৰ্তন ঘটি গোট মৰা ৰূপটোৱেই হৈছে দৈ বুলি । দৈত কেইবিধমান বেক্টেৰিয়া(উপকাৰী), যেনে-  ষ্ট্ৰেপ্টট’কলাছ লেক্টিছ, ষ্ট্ৰেপ্টট’ককাছ থাৰ্মফিলাছ আৰু ষ্ট্ৰেপ্টককাছ বুলগেৰিকাছ আদিয়ে ঘটোৱা ৰাসায়নিক ক্ৰিয়াৰ ফলতেই সকলো প্ৰকাৰৰ গাখীৰ দৈত পৰিণত হৈ উঠে ।  এঁৱা গাখীৰৰ লগত ভালকৈ মিশ্ৰণ ঘটালেই গাখীৰ দৈত পৰিণত হোৱাটো সহজ হৈ পৰে।

গাখীৰত পানীৰ লগতে প্ৰ’টিন, চৰ্বি আৰু কাৰ্বোহাইড্ৰেট(প্ৰধানকৈ লেক্টজ)ৰ উপৰি বহু খনিজ লৱণ আৰু ভিটামিন পোৱা যায়। দৈত এনে উপাদানবোৰ পোৱা গ’লেও ইয়াৰ চৰ্বিভাগৰ হ্ৰাসকৰণ কৰা উপায় কৰিব পৰা যায়। চৰ্বি অপসাৰণৰ ফলত দৈৰ সোৱাদৰ পৰিৱৰ্তন ঘটাৰ লগতে তাৰ এঠালতীয়া ভাবো হ্ৰাস পাবলৈ ধৰে।

দৈ পুষ্টিৰ ফালৰপৰা বিশেষ ধৰণে নিম্নমানৰ নহয়।  গাখীৰ দৈত পৰিণত হোৱা হেতুকে ১৫-২৫ শতাংশ লেক্টজৰ পৰিৱৰ্তন ঘটাৰ ফলত দৈত কেলছিয়াম-ফছফৰাছৰ অনুপাত বৃদ্ধি পায় বুলি কোৱা হয়।

দৈত দুবিধ ভিটামিন-  ভিটামিন বি১ আৰু ভিটামিন বি২ৰ পৰিমাণো গাখীৰত তুলনাত বৃদ্ধি পায় । এই দুবিধ ভিটামিনে স্নায়ুতন্ত্ৰৰ গঠন আৰু শৰীৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এইবোৰৰ উপৰি দৈত যি লেক্টিক এচিডৰ উৎপত্তি ঘটে, সি আমাৰ ক্ষুদ্ৰান্ত্ৰত গ্লুক’জ আৰু গেলেক্ট’জ নামৰ শক্তি প্ৰ্দানকাৰী উপাদান দুবিধৰ সৃষ্টিতো সহায় কৰে ।

দৈত আমাৰ গ্ৰহণী, টাইফয়েড বা ডায়েৰীয়া আদি ৰোগৰ বাবে ক্ষুদ্ৰান্ত্ৰত থকা শ্লেষ্মা আৱৰণৰ যি ক্ষতি হয় দৈয়ে তাৰ স্বাভাৱিকৰণত সহায় কৰে। এন্টিবায়’টিক ঔষধ সেৱনৰদ্বাৰা চিকিৎসা কৰা ৰোগীৰ ক্ষুদ্ৰান্তৰ শ্লেষ্মা আৱৰণত হোৱা ক্ষতিপূৰণত ই সহায় কৰাৰ উপৰি ঔষধৰদ্বাৰা ক্ষতিগ্ৰস্ত উপকাৰী বেক্টেৰিয়াৰ পুনৰ প্ৰতিষ্ঠাতো সহায় কৰে।

গাখীৰতকৈ দৈত কেলছিয়াম আৰু ফছফৰাছৰ অনুপাত বৃদ্ধি হোৱাৰ হেতুকে মাতৃৰ লগতে শিশুৰ বাবে দৈ অতি উপকাৰী।দৈ সৰল, কোমল আৰু সহজেই হজমযোগ্য খাদ্য হোৱা হেতুকে দুৰ্বল হজম শক্তি থকা লোক, ৰোগী আৰু শিশুৰ বাবে উত্তম আহাৰ বুলি কোৱা হৈছে। দৈয়ে গাৰ ছালৰ মসৃণতা বৃদ্ধিৰ লগতে আয়ুস বৃদ্ধিতো ইতিবাচক প্ৰভাৱ পেলায় বুলি শেহতীয়া গৱেষণাত উপলব্ধ হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 13 =

Back to top button