CrimeInternationalInternationalleatest updateSocialSocial Networkঅপৰাধ

দেশত চাইবাৰ ব্লেকমেইলাৰৰ জাল…

মডেলিঙৰ প্ৰলোভনেৰে বিদেশত মহিলাৰ সৰবৰাহ

দেশত বিভিন্নধৰণৰ অপৰাধ মূলত ঘটনা প্ৰত্যেক দিনাই সংঘটিত হৈ আহিছে । বিভিন্ন ব্লেইকমেইল আৰু প্ৰলোভন দি মহিলা যুৱতীসকল বিভিন্ন সময়ত বিপদত পৰিছে । বিদেশত চাইবাৰ প্ৰৱঞ্চকে যুৱতীসকলক ‘শাৰীৰিক সম্পৰ্ক’ আৰু চাইবাৰ ব্লেক মেইল কৰি বিভিন্ন প্ৰলোভনেৰে , মডেলিং ৰ সুযোগৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত তেওঁলোকক বিভিন্ন অপৰাধমূলক কামত নিয়োজিত কৰে । শেহতীয়াকৈ লালবজাৰৰ গোচৰীয়াই ৰাজস্থানৰ ভাৰতপুৰৰ পৰা কম্বোডিয়াৰ চাইবাৰ জালিয়াতিৰ এই নতুন কেন্দ্ৰটো উন্মোচন হৈছে । এই কেন্দ্ৰটোৰ পৰা ধুনীয়া যুৱতীসকলক লক্ষ্য কৰি লৈছে আৰু বিদেশত লাভজনক চাকৰিৰ প্ৰতিশ্ৰুতি দি ছ’চিয়েল মিডিয়াৰ জৰিয়তে মডেল হোৱাৰ আকাংক্ষা কৰা মহিলাসকলক প্ৰলোভিত কৰে প্ৰৱঞ্চকসকলে প্ৰলোভনৰ জাল পেলাই দিয়ে । কম্বোডিয়াত লৈ যোৱাৰ পিছত মহিলা যুৱতীসকলক শাৰীৰিক সম্পৰ্কৰ ভিডিঅ’ত ‘অভিনয়’ কৰিবলৈ বাধ্য কৰা হয় আৰু চাইবাৰৰ ধন দাবীৰ সুবিধাৰ বাবে অনলাইন কথোপকথনৰ কৌশলৰ প্ৰশিক্ষণ দিয়া হয়। মডেলিঙৰ প্ৰলোভন থকাৰ পিছতো বহুতে ভুৱা কল চেণ্টাৰত পৰিণত হৈছে।
অনলাইনত ‘ভুক্তভোগী’ৰ সৈতে কথা-বতৰা আৰু আড্ডা মাৰিবলৈও শিকোৱা হয়। যুৱতীসকলকো ‘লক্ষ্য’ দিয়া হয়। সেই ‘লক্ষ্য’ পূৰণ নহ’লে চাইবাৰ জালিয়াতিৰ গোটৰ নেতাসকলে তেওঁলোকক অত্যাচাৰ কৰে। কম্বোডিয়াৰ ভুৱা কল চেণ্টাৰ নেটৱৰ্কৰ পৰা পলায়ন কৰা একাংশ লোকৰ পৰা আৰক্ষীয়ে এই তথ্য লাভ কৰে। কম্বোডিয়াৰ দৰে বহিঃৰাজ্যত চাকৰিৰ অফাৰ পৰীক্ষা কৰাৰ পৰামৰ্শ কলকাতা আৰক্ষীৰ। মহিলাসকলে এনেদৰে বহিঃৰাজ্যত মডেলিঙৰ অফাৰ পালেও তেওঁলোকক সাৱধান হ’বলৈ পৰামৰ্শ আৰক্ষীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.