leatest updateSocialSocial Networkদৈনিক বাতৰি

ACৰ কোঠাত টোপনিত লালকাল এটা চোৰৰ

চোৰ কৰিবলৈ গৈ টোপনিত লালকাল কপিল

এই অদ্ভুত ঘটনাত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চিকিৎসকৰ তলাবন্ধ ঘৰ ভাঙি যোৱা এজন চোৰে নিজৰ অপৰাধ সম্পূৰ্ণ কৰি এয়াৰ কণ্ডিচনাৰৰ আৰাম দায়ক ৰূমত টোপনি যায়। পিছদিনা ৰাতিপুৱা শুই উঠি চকু মেলোতে দেখিলে পুলিচ । গাজীপুৰ আৰক্ষী থানাৰ অধীনস্থ ইন্দিৰা নগৰৰ ছেক্টৰ-২০ত অৱস্থিত সুনীল পাণ্ডে নামৰ এজন চিকিৎসকৰ তলাবন্ধ ঘৰত সংঘটিত হৈছে এই ঘটনা ।

চোৰে তলাবন্ধ থকা ঘৰটোত চুৰি কৰি মূল্যৱান সামগ্ৰী সংগ্ৰহ কৰি বিৰতি ল’বলৈ এচি অন কৰিলে।  এচি অন কৰাৰ পিছতে টোপনি গল চোৰৰ ।

পুৱাতে চুবুৰীয়াই লগে লগে আৰক্ষীক অৱগত কৰে আৰু পুলিচে চুৰি মূল্যৱান সামগ্ৰীৰ সৈতে শুই থকা কপিল নামৰ চোৰটোক আটক কৰে। আৰক্ষীয়ে জনোৱা মতে,  আলমাৰী ভাঙি নগদ ধনকে ধৰি সকলো বস্তু লোট কৰিছিল চোৰটোয়ে। আনকি ঘৰৰ বেটাৰী আঁতৰাবলৈ চেষ্টা কৰাৰ লগতে পানী পাম্প চুৰি কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁ টোপনি গৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.