Assamassam policeCMO AssamHimanta Biswa Sarmaleatest updateRegionalSocial

দায়িত্বজ্ঞানহীন ছেবা, হতাশাত শিক্ষাৰ্থী! মেট্ৰিকত গণিতৰ প্ৰশ্নকাকতকলৈ বিতৰ্কত ছেবা।

পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অন্তৰ্ভুক্তিৰ অভিযোগ ছেবা কৰ্তৃপক্ষক ধিক্কাৰ অভিভাৱক-শিক্ষাৰ্থীৰ।

পুনৰ বিতৰ্কত ছেবা। মেট্ৰিকত গণিতৰ জটিল প্ৰশ্নকাকত অহাক লৈ পুনৰ বিতৰ্কত ছেবা। প্ৰশ্নকাকতকলৈ পৰীক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। দায়িত্বজ্ঞানহীন ছেবা, হতাশাত শিক্ষাৰ্থী। ছেবা কৰ্তৃপক্ষক ধিক্কাৰ অভিভাৱক-শিক্ষাৰ্থীৰ। সামাজিক মাধ্যমতো সৃষ্টিন হৈছে তীব্ৰ বিৰ্তকৰ।

পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অন্তৰ্ভুক্তিৰ অভিযোগ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন অহাৰ অভিযোগ শিক্ষাৰ্থীৰ। দুৰ্বল আৰু মধ্যমীয়া শিক্ষাৰ্থীসকলৰ কথা বাদেই, মেধাৱী শিক্ষাৰ্থীৰ বাবেও এইবৰ্ষৰ গণিতৰ প্ৰশ্নকাকত অধিক কঠিন হৈছে বুলি মত পোষণ বিভিন্নজনৰ।

বিগত ২৫ বছৰত এনেধৰণৰ প্ৰশ্নকাকত দেখা নাছিল বুলি একাংশ শিক্ষকেও আনিছে অভিযোগ। এনে প্ৰশ্নকাকতে শিক্ষাৰ্থীসকলক হতাশ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ছেবাৰ বিৰুদ্ধে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.