অসমজন্তুজীৱনশৈলীপ্ৰাকৃতিক দুৰ্যোগবন্যপ্ৰাণী

কাজিৰঙাত বানৰ জটিল ৰূপ! নিৰাপদ আশ্ৰয়ৰ সন্ধানত জীৱ জন্তুসমূহ

বৃহৎ হাতীৰ জাকে অতিক্ৰম কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

বানে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনৰ অন্তৰ্ভাগত পানী স্তৰ বৃদ্ধি পাইছে৷ তাৰ লগতে উফন্দি উঠিছে ডিফলু নদীৰ পানীও। ফলত ডিফলু নদীৰ পানীও প্ৰৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান খনত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত পানী সোমাবলৈ আৰম্ভ কৰাৰ লগে লগে নিৰাপদ আশ্ৰয়ৰ বাবে বৃহৎ হাতীৰ জাকে অতিক্ৰম কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

জীৱ জন্তুসমূহৰ সুৰক্ষাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত গাড়ীৰ গতি নিয়ন্ত্ৰনৰ বাবে ঠাই ঠাই বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে যদিও পথটো পাৰ হৈ যাওতে বহু সংখ্যক জীৱ জন্তুৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছে অথবা আঘাতপ্ৰাপ্ত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.