অসমদৈনিক বাতৰিপৰ্যটনভ্ৰমণ

পৰ্যটকৰ বাবে সুখবৰ! বাৰিষাৰ বাবে এইবাৰ বন্ধ নহয় মানাহ ৰাষ্ট্ৰীয় উদ্যান…

এইবাৰ অহা ৩০ জুনলৈ খোলা থাকিব বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে সুখবৰ

এইবাৰ অহা ৩০ জুনলৈ খোলা থাকিব বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। যাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে মানাহৰ পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকল৷

পূৰ্বে বাৰিষাৰ আৰম্ভণিতে মে’ মাহৰ পৰাই পৰ্যটকৰ বাবে অক্টোবৰ-নৱেম্বৰ মাহলৈ বন্ধ ৰখা উদ্যানখন এইবেলি প্ৰথমবাৰ এনে ব্যতিক্ৰমীভাবে কৰ্তৃপক্ষই অহা ৩০ জুনলৈ খোলা ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমুহৰ ভিতৰত মানাহেই একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান যিখন পৰ্যটকৰ বাবে বাৰিষাৰ সময়তো কৰ্তৃপক্ষই খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

পূৰ্বৰ তুলনাত মানাহত বাঘ আৰু গঁড়ৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ লগতে বৰ্তমান পৰ্যটকে উদ্যানখনৰ ভিতৰত অনায়াসে বাঘ বা গঁড়ৰ বিচৰণ প্ৰত্যক্ষ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে উদ্যান কৰ্তৃপক্ষই। লগতে দেশী বিদেশী সকলো পৰ্যটককে অহা ৩০ জুনলৈ উদ্যানখন ভ্ৰমণৰ বাবে আহ্বান জনাইছে মানাহ কৰ্তৃপক্ষই ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.