শ্ৰেণীবিহীন

কাৰাগাৰত থকা নৱজোত সিং সিদ্ধুৱে অস্বীকাৰ কৰিছে জেলৰ খাদ্য খাবলৈ! কিন্তু কিয়?

৩৪ বছৰ পুৰণি গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে কাৰাগাৰৰ আলহী হৈছে পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি নৱজোত সিং সিদ্ধু

৩৪ বছৰ পুৰণি গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে কাৰাগাৰৰ আলহী হৈছে পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি নৱজোত সিং সিদ্ধু। এতিয়া পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰত আছে নৱজোত সিং সিদ্ধু।
জেলত একো খোৱা নাই সিদ্ধুৱে। এই কথা দাবী কৰিছে সিদ্ধুৰ অধিবক্তাই। অধিবক্তাই কোৱা মতে নৱজোত সিং সিদ্ধুৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল জেল প্ৰশাসনৰ সন্মুখত।

সিদ্ধুৰ অধিবক্তা এইচ পি এছ বাৰ্মাই জনোৱা মতে, সিদ্ধুৰ ঘেঁহুৰ পৰা এলাৰ্জী আছে। সেইবাবে তেওঁ জেলৰ খাদ্য খাব পৰা নাই।

উল্লেখযোগ্য যে জেলৰ মেনুৱেল অনুসৰি, ২০ মে’ত সন্ধিয়া ৭.১৫ বজাত সিদ্ধুক মচুৰ দাইল আৰু ৰুটি দিয়া হৈছিল। কিন্তু স্বাস্থ্যৰ কথা উল্লেখ কৰি সিদ্ধুৱে ৰুটি খাবলৈ অস্বীকাৰ কৰি কেৱল ছালাড আৰু ফলমূলহে গ্ৰহণ কৰা বুলিও কোৱা হৈছিল।
পাটিয়ালা কাৰাগাৰত নৱজোত সিং সিদ্ধুৰ কয়দী নম্বৰ হৈছে ২৪১৩৮৩ আৰু হত্যাকাণ্ডৰ গোচৰত শাস্তি ভুগি থকা ৮ জন কয়দীৰ সৈতে তেওঁক কাৰাগাৰৰ ১০ নম্বৰ বেৰেকত ৰখা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.