Covid-19অসম

ক’ভিড হটস্পটত পৰিণত দক্ষিণ কামৰূপৰ বিজয়নগৰ

প্ৰতিজন ব্যৱসায়ীয়ে যাতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰে, তাৰ বাবেও অধিক কঠোৰ হৈছে জিলা প্ৰশাসন।

ক’ভিড হটস্পটত পৰিণত দক্ষিণ কামৰূপৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰস্বৰূপ বিজয়নগৰ। বিগত ৪ দিনত ৩০ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

৩ জানুৱাৰীত তীৰ্থস্থান ভ্রমণ কৰি বহিঃৰাজ্যৰ পৰা অহা ৫০জন ব্যক্তিৰ ভিতৰত ১৮জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯।
ইতিমধ্যে, গণসংক্ৰমণ ৰোধৰ বাবে কামৰূপ জিলা প্ৰশাসনে লৈছে কঠোৰ পদক্ষেপ।কামৰূপ জিলা উপায়ুক্তৰ নিৰ্দেশত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। প্ৰতিজন ব্যৱসায়ীয়ে যাতে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰে, তাৰ বাবেও অধিক কঠোৰ হৈছে জিলা প্ৰশাসন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.