অপৰাধঅসম

প্ৰাতঃ ভ্ৰমণলৈ যাওতে চোকা অস্ত্ৰৰে ঘঁপিয়াই হত্যা এজন লোকক

বঙাইগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

বঙাইগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড।

দোলাইগাঁৱৰ উজানপাৰাত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। বাণীকান্ত বৈদ্য নামৰ ব্য়ক্তি এজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে।

উল্লেখ্য় যে ভূমি বিবাদৰ বাবে এই জঘন্য ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰাতঃ ভ্ৰমণৰ সময়ত গকুল ৰায়ে ভূমি বিবাদৰ বাবে বাণীকান্ত বৈদ্যৰ ডিঙিটো বহল ব্লেডযুক্ত চুৰিৰে কাটি পেলায়। পুৱা প্ৰায় ৬ বজাত উত্তৰ বঙাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দোলাইগাঁও উজানপাৰা অঞ্চলত এই হত্যাকাণ্ড সংঘটিত হয়।

পৰৱৰ্তীসময়ত, অভিযুক্ত গকুল ৰায়ে হত্যাৰ অস্ত্ৰৰ সৈতে নৰ্থ বঙাইগাঁও পুলিচ গাৰ্ড পোষ্টত আত্মসমৰ্পণ কৰে।

গকুল ৰায়ৰ বিবৃতি অনুসৰি, ভুক্তভোগী বানিকান্ত এজন ভূমি দালাল আছিল।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.