অপৰাধঅসমঅসম আৰক্ষী

কিমান সুৰক্ষিত মহানগৰবাসী? মহানগৰীত দিন-দুপৰতে চিলনী চোৰে থপিয়ালে কেইবালাখ টকা

মহানগৰীত ডকাইতিৰ ঘটনাই প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম। এইবাৰ দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই এজন লোকৰ পৰা লুটি নিলে ধন।

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস কোনো নতুন ঘটনা নহয়। মহানগৰীত ডকাইতিৰ ঘটনাই প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম। এইবাৰ দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই এজন লোকৰ পৰা লুটি নিলে ধন।

এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ লাচিত নগৰত। দুপৰীয়া প্ৰায় ১২.৪০ বজাত লাচিত নগৰস্থিত বেংক অৱ বৰোডাৰ সন্মুখতে দুৰ্বৃত্তই থপিয়াই নিলে ৩ লাখ ৪ হাজাৰ টকা।

বাইকত অহা দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে তিনি লক্ষাধিক টকা। উল্লেখ্য যে, পদ্মজা গেছ এজেঞ্চিৰ পৰা সঞ্জীৱ মেধী নামৰ এজন কৰ্মচাৰীয়ে বেংকত জমা কৰিবলৈ লৈ আহিছিল টকাখিনি।

১৯ জানুৱাৰীতে সংঘটিত হোৱা এই ঘটনা বন্দী হৈ ৰয় CCTV কেমেৰাত। ইতিমধ্যে, ঘটনা সন্দৰ্ভত পল্টলবজাৰ থানাত ৰুজু কৰা হৈছে এক গোচৰ। কিন্তু দিন-দুপৰতে ব্যস্ত মহাগৰীত ডকাইতিৰ ঘটনাই স্বাভাৱিকতে শংকিত কৰি তুলিছে মহানগৰবাসীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.