অপৰাধআন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত বিস্ফোৰণঃ শিশুসহ দুজন নিহত, ২২ জন আহত

বৃহস্পতিবাৰে লাহোৰৰ লোহাৰী গেট অঞ্চলৰ ওচৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত এক শিশুসহ আন দুজন লোক নিহত হয় আৰু কমেও ২২ জন লোক আহত হয়।

বৃহস্পতিবাৰে লাহোৰৰ লোহাৰী গেট অঞ্চলৰ ওচৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত এক শিশুসহ আন দুজন লোক নিহত হয় আৰু কমেও ২২ জন লোক আহত হয়।
লাহোৰৰ উপ-মহাপৰিদৰ্শক ড০ মুহাম্মাদ আবিদ খানে কয় যে, “তদন্ত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু বিস্ফোৰণৰ প্ৰকৃতি কাৰণ জানিব পৰা হোৱা নাই”।

চিকিৎসালয়ৰ বিষয়াই জনোৱা অনুসৰি, মৃত লোকসকল ফিৰোজৱালাৰ বাসিন্দা ৩৮ বছৰীয়া ৰমজান আৰু ১০-১২ বছৰ বয়সৰ এটা শিশু বুলি চিনাক্ত কৰা হৈছে।

আহত লোকসকলৰ ভিতৰত চাৰিজন লোকৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ঘটনাটোক গৰিহণা দিয়াৰ লগতে তেওঁ কৰ্তৃপক্ষক আহতসকলক তাৎক্ষণিক চিকিৎসা সহায় কৰিবলৈ নিৰ্দেশ দিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.