অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী

প্ৰেমেই হ’ল অভিশাপ! প্ৰেমৰ বাবেই নৃশংস হত্যাৰ বলি কলেজীয়া ছাত্ৰী

উল্লেখ্য যে, মৃত প্ৰেমিকা মৰমী তাঁতীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল অপৰাধী সঞ্জয় লালুঙে। কিন্তু মৰমীয়ে সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই খঙত একো নাই হৈ মৰমীক হত্যা কৰে সঞ্জয়ে

পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰিছে গুৱাহাটী মহানগৰ। প্ৰেমৰ বাবেই মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পাষাণ প্ৰেমিকে ডিঙি ৰেপি হত্যা কৰিলে প্ৰেমিকাক।

এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ সাতগাঁৱৰ আমছিঙত। বুধবাৰে, দিন দুপৰতে প্ৰেমিকা মৰমী তাঁতীক ডিঙি কাটি হত্যা কৰে প্ৰেমিক সঞ্জয় লালুঙে। হত্যাকাৰী সঞ্জয় লালুঙৰ ঘৰ যোৰাবাটৰ শান্তিবস্তিত।

উল্লেখ্য যে, মৃত প্ৰেমিকা মৰমী তাঁতীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল অপৰাধী সঞ্জয় লালুঙে। কিন্তু মৰমীয়ে সেই প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই খঙত একো নাই হৈ মৰমীক হত্যা কৰে সঞ্জয়ে। মাতৃৰ সন্মুখতে জীয়ৰীক শিৰচ্ছেদ কৰি AS-01EJ-7212 নম্বৰৰ এখন বাহনত মৃতদেহ লৈ পলায়ন কৰাৰ চেষ্টা কৰে হত্যাকাৰীয়ে। কিন্তু মৃতদেহ লৈ যোৱাত ব্যৰ্থ হয় অপৰাধী সঞ্জয় লালুং। কিন্তু বৰ্তমানলৈকে পলাতক অৱস্থাত আছে হত্যাকাৰী।

এফালে প্ৰেমে বহুতকে মহীয়ান কৰি তোলাৰ বিপৰীতে এতিয়া মহানগৰীত সংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতে শংকিত কৰি তুলিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.