Socialঅপৰাধঅসম

মা-দেউতা মোৰ কি ভুল আছিল? কিহৰ বাবে হত্যা কৰিলা মোক!

জন্মদাতা পিতৃ-মাতৃয়ে মৰিয়াই মৰিয়াই নিজৰ তিনিবছৰীয়া পুত্ৰ সন্তানক হত্যা কৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলতে।

এটা ম’বাইল ফোন আৰু এখন কাজিয়া। কাজিয়াৰ পৰিণতি এটা কণমানিৰ জীৱন সমাপ্তি।ম’বাইল ফোনৰ বাবেই সৃষ্টি হোৱা এখন কাজিয়াই ল’লে ভয়ংকৰ ৰূপ।

এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ উত্তৰ ৰূপহীত। ম’বাইল ফোনক কেন্দ্ৰ কৰি প্ৰচণ্ড কাজিয়াত লিপ্ত হৈছিল এহাল দম্পতী। উত্তৰ ৰূপহীৰ নিবাসী বাবুল শইকীয়া আৰু পুতলী শইকীয়াৰ মাজত ম’বাইল ফোনক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ।

পিতৃ-মাতৃৰ কাজিয়াৰ মাজত সোমোৱাৰ বাবেই খঙত একো নাই হৈ নিজৰেই তিনিবছৰীয়া পুত্ৰ সন্তান অভিজিত শইকীয়াক মৰিয়াই মৰিয়াই হত্যা কৰে বাবুল আৰু পুতলীয়ে। এই বৰ্বৰ কাণ্ডত মুখ্য ভূমিকা গ্ৰহণ কৰে পাষাণ পিতৃ বাবুলে।

জন্মদাতা পিতৃ-মাতৃয়ে মৰিয়াই মৰিয়াই নিজৰ তিনিবছৰীয়া পুত্ৰ সন্তানক হত্যা কৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলতে।

ঘটনাৰ পিছতে চাউলধোৱা আৰক্ষীয়ে, এই নৃশংস ঘটনা সংঘটিত কৰা দম্পতীক আটক কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.