অপৰাধঅসমআঞ্চলিক

মহানগৰত অঘটন! মহিলাক দাৰে ঘপিয়াই পলায়ন কৰিলে ৰিক্সা চালকে…

এম্বুলেন্সলৈ অপেক্ষা নকৰি অৱশেষত আৰক্ষীয়ে আৰক্ষীৰ বাহনতে মহিলা গৰাকীক হাস্পতাললৈ লৈ যোৱা হয়।

সোমবাৰে পুৱা গুৱাহাটী মহানগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উলুবাৰীত এগৰাকী অচিনাকী মহিলাক দাৰে অতৰ্কিতে আক্ৰমণ কৰে এজন ৰিক্সা চালকে।

উলুবাৰীৰ পিয়লি ফুকন ৰোডত আজি পুৱা সংঘটিত হয় এই ঘটনা। এজন ৰিক্সা চালকে এগৰাকী মহিলাক আক্ৰমণ কৰি সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দীৰ্ঘ সময় ধৰি আহত মহিলাগৰাকী মুমূৰ্ষ অৱস্থাত ৰাস্তাতে পৰি থাকে।

স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ ১০৮ এম্বুলেন্স সেৱাক খবৰ দিয়ে যদিও উপযুক্ত সময়ত এম্বুলেন্স আহি নোপোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী। এম্বুলেন্সলৈ অপেক্ষা নকৰি অৱশেষত আৰক্ষীয়ে আৰক্ষীৰ বাহনতে মহিলা গৰাকীক হাস্পতাললৈ লৈ যোৱা হয়।

কিন্তু এটা ব্যস্ত পথত এগৰাকী মহিলাক কিয় এজন ৰিক্সা চালকে দাৰে আক্ৰমণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.