দৈনিক বাতৰিভাৰত

উত্তপ্ত লক্ষীমপুৰঃ প্ৰিয়ংকা গান্ধীৰ পিছত এইবাৰ আটক হ’ল সমাজবাদী পাৰ্টীৰ নেতা অখিলেখ যাদৱ…

কিহৰ বাবে কোনো ৰাজনৈতিক নেতাক খেড়ীলৈ যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উত্তপ্ত খেড়ীলৈ যোৱাৰ অনুমতি নিদিয়াৰ বাবেই সোমবাৰে প্ৰতিবাদত বহে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ যাদৱ। 

প্ৰিয়ংকা গান্ধীৰ পিছতে এইবাৰ আটক সমাজবাদী পাৰ্টীৰ মুখ্য নেতা অখিলেখ যাদৱ। উত্তৰ প্ৰদেশৰ লক্ষীমপুৰত দেওবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিৰোধিতা কৰি সোমবাৰে প্ৰতিবাদত বহে প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ যাদৱ।

ৰাজধানী চহৰ লক্ষ্ণৌৰ নিজা বাসগৃহৰ সন্মুখত প্ৰতিবাদত বহে সমাজবাদী পাৰ্টীৰ নেতা অখিলেখ যাদৱ। দেওবাৰে উত্তৰ প্ৰদেশৰ খেড়ীত হিংসাত্মক কাৰ্যৰ বলি হৈ ৯জন লোকে মৃত্যুক সাৱটি লোৱাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনাৰ পিছতে দুৰ্ঘটনাত মৃত কৃষকৰ পৰিয়ালৰ সদস্যক সাক্ষাত কৰিবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰে কংগ্ৰেছৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধীক। প্ৰিয়ংকা গান্ধীৰ পিছতে প্ৰগতিশীল সমাজবাদী পাৰ্টীৰ মুৰব্বী শিৱপাল যাদৱকো আটক কৰে আৰক্ষীয়ে।

সোমবাৰে প্ৰতিবাদস্থলী দৰ্শন কৰিবলৈ বহুতো ৰাজনৈতিক নেতা লক্ষীমপুৰৰ খেড়ীলৈ যোৱাৰ কথা আছিল যদিও কোনো ৰাজনৈতিক নেতাকে উক্ত স্থান পৰিদৰ্শনৰ অনুমতি দিয়া নাই উত্তৰপ্ৰদেশ আৰক্ষীয়ে। যাৰবাবে প্ৰতিবাদত বহি পৰে ৰাজনৈতিক নেতাসকল। কিহৰ বাবে কোনো ৰাজনৈতিক নেতাক খেড়ীলৈ যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উত্তপ্ত খেড়ীলৈ যোৱাৰ অনুমতি নিদিয়াৰ বাবেই সোমবাৰে প্ৰতিবাদত বহে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ যাদৱ।

প্ৰতিবাদ চলি থকাৰ সময়তে লক্ষ্ণৌৰ গৌতমপল্লী আৰক্ষী থানাৰ সমীপত এখন আৰক্ষীৰ বাহনো জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।

অৱশ্যে অগ্নি সংযোগ কৰা লোকসকল প্ৰতিবাদকাৰী হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.