Assamঅসমদৈনিক বাতৰি

অৰণ্য মানৱ যাদব পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত দম্পতীয়ে গঢ়ি তুলিলে বিশাল অৰণ্য…

অৰণ্য মানৱ যাদব পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত দম্পতীয়ে গঢ়ি তুলিলে বিশাল অৰণ্য...

অৰণ্য মানৱ যাদব পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত দম্পতীয়ে গঢ়ি তুলিলে বিশাল অৰণ্য। ২০ বিঘা ভূমিত ৰোপণ কৰিলে ১০ হাজাৰৰো অধিক ভিন্ন প্ৰজাতিৰ গছ। মৰা সোৱণশিৰি নৈৰ পাৰত গঢ় লৈ উঠিছে এনে এখন মানৱসৃষ্ট অৰণ্য। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ সীমান্তৰ ঘুণাসুতিৰ চলিচুক দঞি প’ল গাঁৱৰ শিক্ষক মানৱ মিলি আৰু অংগনৱাড়ী কৰ্মী ৰিজুমণি টাইদৰ নেৰানেপেৰা প্ৰচেষ্টাতে গঢ় লৈ উঠিছে এই অৰণ্যখন।

অৰণ্যখনত আছে ৫ হাজাৰো অধিক শিমলু গছ, ৫০০ শ জোপা গমাৰি, ৪০০ জোপা চেগুণ, ২০০ জোপা বাঁহ, ১৫০ জোপা তামোল, ১০০ জোপা কলগছৰ লগতে আৰু বহুতো। কেৱল এইয়াই নহয় গছৰ তলে তলে আছে হেৰাই যাবলৈ ধৰা গ্ৰাম্যসমাজৰ অতি প্ৰয়োজনীয় ১২ বিঘাকৈ খেৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.