অপৰাধঅসম

নকল সোণ বিক্ৰী কৰিবলৈ আহি দিছপুৰ আৰক্ষীৰ জালত পৰিল এজন…

এতিয়াও পলাতক অৱস্থাত আছে নকল সোণৰ সৈতে জড়িত বাদশ্বাহ নামৰ এজন লোক

দিছপুৰ আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী চক্ৰ। দিছপুৰৰ মানবেন্দ্ৰ কমপ্লেক্সৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ফৰিদুল ইছলাম নামৰ এজন লোকক। লখিমপুৰৰ নাওবৈচাৰ পৰা নকল সোণ বিক্ৰীৰ বাবে গুৱাহাটীলৈ আহিছিল ফৰিদুল।

গোসাঁইগাঁৱৰ আজিজুৰ ৰহমান আৰু চাজন শ্বেখ নামৰ দুজনক প্ৰলোভন দি বিক্ৰী কৰিব বিচাৰিছিল নকল সোণখিনি। ৪০ হাজাৰ আৰু দুটা ম’বাইলৰ বিনিময়ত সোণ বিক্ৰীৰ বাবে বন্দোৱস্ত কৰিছিল সোণ বিক্ৰী কৰা চক্ৰটোৱে।

 

লাষ্টগেটৰ এখন হোটেলত বিক্ৰীৰ যো-জা চলাওঁতেই স্থানীয় লোকৰ সহায়ত দিছপুৰ আৰক্ষীৰ ১১২ শাখাই গ্ৰেপ্তাৰ কৰে ধৃত ফৰিদুলক। এতিয়াও পলাতক অৱস্থাত আছে নকল সোণৰ সৈতে জড়িত বাদশ্বাহ নামৰ এজন লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.