অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ দোৰপাংত উত্তাল প্ৰতিবাদ, এগৰাকী মহিলাৰ হত্যাৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ মহিলা

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ দোৰপাংত উত্তাল প্ৰতিবাদ।

এগৰাকী মহিলাৰ হত্যাৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিল শ শ মহিলা।

পম্পী মুদৈ গুৰুং নামৰ মহিলাগৰাকীক হত্যা কৰি স্বামী কৃষ্ণ গুৰুঙে আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ।

বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰাৰ লগতে পৰৱৰ্তী সময়ত কৃষ্ণ গুৰুঙৰ বাসগৃহ ঘেৰাও কৰি জৱাবদিহি কৰিলে মহিলাসকলে।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক এই ঘটনাৰ তদন্ত কৰিবলৈও আহ্বান প্ৰতিবাদকাৰীৰ।

ঢকুৱাখনাৰ কৃষ্ণপুৰ অঞ্চলৰ পম্পী মুদৈ নামৰ যুৱতীগৰাকীৰ সৈতে যোৱা ব’হাগ মাহত বিবাহপাশত আবদ্ধ হৈছিল।

অভিযুক্ত কৃষ্ণ গুৰুং। বিবাহৰ তিনিমাহ সম্পূৰ্ণ নৌ হওঁতেই যোৱা ৮ জুলাইৰ নিশা নিৰুদ্দেশ হোৱাৰ পিছতে ৯ জুলাইৰ বিয়লি দোৰপাং নদীৰ পাৰৰ ঘন জংঘলৰ মাজৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল মহিলা গৰাকীৰ মৃতদেহ।

ইতিমধ্যে স্বামী কৃষ্ণ গুৰুঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত  আৰম্ভ কৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + twelve =

Back to top button