Social Network

৬ ঘন্টাৰ বাবে ছ’চিয়েল মিডিয়াত হাহাকাৰ, কিয় বন্ধ হ’ল ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম?

বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকা ছ'চিয়েল মিডিয়া প্লেটফৰ্মখনে মাত্ৰ ৬ ঘন্টাতে যথেষ্ট লোকচানৰ সন্মুখীন হয়। ডিজিটেল এডভাৰটাইজিঙত হোৱা ক্ষতিৰ পৰিমাণ US $545,000, অৰ্থাৎ ভাৰতীয় মূল্যত এয়া প্ৰায় ৪,০৬,৩৬,০১৭.৫০ টকা।

ছ’চিয়েল মিডিয়াত হাহাকাৰ লাগিল। সোমবাৰে নিশা হঠাৎ অচল হৈ পৰিল ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছ এপ।
ভাৰতীয় সময় অনুসৰি সোমবাৰে নিশা ৯ বজাৰ পৰা ফেচবুক বন্ধ হৈ পৰাত বিশ্বজুৰি থকা ফেচবুকৰ মিলিয়ন ব্যৱহাৰকাৰীয়ে সমস্যাৰ সন্মুখীন হয়।

ফেচবুকত নতুন পোষ্ট, মেছেজ চাব নোৱাৰাৰ অভিযোগো উত্থাপন কৰে ব্যৱহাৰকাৰীসকলে। কেৱল ফেচবুকেই নহয়, হোৱাটছ এপ, ইনষ্টাগ্ৰাম চলোৱাটো অসুবিধাত পৰে উপভোক্তাসকল। ফেচবুকত দৈনিক ২ বিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী থকাৰ পৰিৱৰ্তে সোমবাৰে ৪.৯%লৈ হ্ৰাস হয় ব্যৱহাৰকাৰীৰ সংখ্যা।

আচলতে, কাৰিকৰী বিজুতিৰ বাবেহে সোমবাৰে বিশ্বজুৰি অচল হৈ পৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, হোৱাটছ এপ আৰু ইনষ্টাগ্ৰাম। এই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম পুনৰ সক্ৰিয় হোৱাত ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গে বিজুতিৰ বাবে ক্ষমা বিচাৰি লিখে এটা পোষ্ট।

<iframe src=”https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Fzuck%2Fposts%2F10113957526871061&show_text=true&width=500″ width=”500″ height=”187″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share”></iframe>

উল্লেখ্য যে, বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকা ছ’চিয়েল মিডিয়া প্লেটফৰ্মখনে মাত্ৰ ৬ ঘন্টাতে যথেষ্ট লোকচানৰ সন্মুখীন হয়। ফেচবুক অচল হোৱাৰ ফলত ডিজিটেল এডভাৰটাইজিঙত হোৱা ক্ষতিৰ পৰিমাণ US $545,000, অৰ্থাৎ ভাৰতীয় মূল্যত এয়া প্ৰায় ৪,০৬,৩৬,০১৭.৫০ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.