অপৰাধঅসম

যি কোনো মূহুৰ্ততে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা

২৪ ঘণ্টাৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাজকন্যাক

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। যি কোনো মূহুৰ্ততে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা। ৰাজকন্যা বৰুৱালৈ পুনৰ দিছপুৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছে থানাত হাজিৰ হোৱাৰ জাননী। ২৪ ঘণ্টাৰ ভিতৰত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাজকন্যাক।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পুনৰ ৰাজকন্যাক গ্ৰেপ্তাৰৰ বাবে সষ্টম দিছপুৰ আৰক্ষী।

২ অক্টোবৰৰ নিশা ৰুক্মিণী গাঁৱৰ ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱা বৰ্তমানে ডি এন আৰ চিত চিকিৎসাধীন।

আনহাতে ৰাজকন্যা বৰুৱাই খুন্দিউৱা টাটা ac গাড়ীখনৰ স্বতাধিকাৰীৰ পুত্ৰ বুবুল চৌধুৰীয়ো এজাহাৰ দাখিল কৰিছে ৰাজকন্যাৰ বিৰুদ্ধে। বুবুল চৌধুৰীৰ বাহনখনতে খুন্দা মাৰিছিল সুৰামত্ত হৈ থকা ৰাজকন্যা বৰুৱাই।

উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱাৰ পিছৰ দিনাই জামিন লাভ কৰিছিল কাজকন্যাই। যাৰ বাবে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজকন্যাক জামিনৰ সুযোগ দিয়া আৰক্ষীৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.