leatest updateঅসমদৈনিক বাতৰি

হৃদয়বিদাৰক; বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু এটা বনৰীয়া হাতীৰ!

খাদ্যৰ সন্ধানত নিশা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীটো।

তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত খামন পথাৰত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনাটো। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ। ইতিমধ্যে ঘটনাস্থলীত মাৰ্ঘেৰিটা বন বিভাগৰ লোক উপস্থিত হৈ অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন অঞ্চলত কেইবাটাও  বনৰীয়া হাতীয়ে এনেদৰে বিদ্যুৎ পৰিবাহী তাঁ‌ৰত লাগি কৰুণ মৃত্যুক সাৱটি লবলগীয়া হৈছিল। খাদ্যৰ সন্ধানত নিশা জনাঞ্চললৈ ওলাই আহিছিল বনৰীয়া হাতীটো। ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতি তথা কাণ্ডজ্ঞানহীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.