ভাৰত

অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য কাৰ্যসূচীৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

উল্লেখ্য যে, আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ ৭৫টা স্থানত যোগ দিৱসৰ অনুষ্ঠান পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বিশ্বব্যাপী ভাৰতৰ ব্ৰেণ্ডিঙৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই ৭৫টা স্থানত মুঠ ২৫ কোটি লোকে যোগ প্ৰদৰ্শনত অংশ ল'ব।

অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মুখ্য কাৰ্যসূচীত সমূহীয়া যোগ প্ৰদৰ্শনৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২১ জুনত কৰ্ণাটকৰ মাইছোৰত অনুষ্ঠিত হ’বলগীয়া যোগ দিৱসৰ মুখ্য অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে।

 

কেন্দ্ৰীয় আয়ুষ তথা কেন্দ্ৰীয় জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মাইছোৰক অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰপ্ৰেক্ষিতত সমূহীয়া যোগ প্ৰদৰ্শনৰ মুখ্য স্থান হিচাপে নিৰ্বাচিত কৰা হৈছে। উল্লেখ্য যে, আয়ুষ মন্ত্ৰালয়ে সমগ্ৰ দেশৰ ৭৫টা স্থানত যোগ দিৱসৰ অনুষ্ঠান পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে বিশ্বব্যাপী ভাৰতৰ ব্ৰেণ্ডিঙৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। এই ৭৫টা স্থানত মুঠ ২৫ কোটি লোকে যোগ প্ৰদৰ্শনত অংশ ল’ব।

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইয়াৰ পূৰ্বেও লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী। ২৭ ‘ হায়দৰাবাদত যোগ দিৱসৰ ২৫ দিনীয়া গণনা অনুষ্ঠান পালন কৰা হ’ব, য’ত প্ৰায় ১০ হাজাৰ লোকে অংশ ল’ব। লগতে বিশ্বব্যাপী যোগাসনৰ গুৰুত্বক প্ৰচাৰ কৰাত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Check Also
Close
Back to top button