ভাৰত

এদিনীয়া ভ্ৰমণসূচীৰে হায়দৰাবাদ আৰু চেন্নাইলৈ যাব প্ৰধানমন্ত্ৰী, কি কি কাৰ্যসূচীত অংশ ল’ব মোদীয়ে…

উল্লেখ্য যে, ৫০০ কোটি টকাৰো অধিক প্ৰকল্প ব্যয়ৰে চেন্নাইত নিৰ্মিত ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাদুৰাই-টেনি (ৰে’লৱে গেজ ৰূপান্তৰ প্ৰকল্প)টোৱে প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনৰ ক্ষেত্ৰত নতুন ধাৰাৰ সংযোজন কৰিব। ৫৯০ কোটি টকাৰো অধিক প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰা তাম্বাৰাম - চেংগালপট্টুৰ মাজৰ ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয় ৰে’লপথটোৱে অধিক উপনগৰীয়া সেৱাৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত ভ্ৰমণকাৰীসকলৰ বাবে অধিক বিকল্প আৰু আৰাম বৃদ্ধি হ’ব।

এদিনীয়া ভ্ৰমণসূচীৰে হায়দৰাবাদ আৰু চেন্নাইলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২৬ মে’, বৃহস্পতিবাৰে, হায়দৰাবাদৰ গাচিবাউলীত আয়োজিত হ’ব লগীয়া ইণ্ডিয়ান স্কুল অৱ বিজনেছৰ ২০ সংখ্যক স্নাতক সমাৰোহত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

 

 

এই অনুষ্ঠানৰ লগতে চেন্নাইত ৩১,৪০০ কোটি টকাৰ ১১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। অঞ্চলটোৰ সামাজিক-অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত সহায় কৰিব এই প্ৰকল্পকেইটাই। চেন্নাইত প্ৰধানমন্ত্ৰীয়ে দেশৰ কাৰণে ২,৯০০ কোটি মূল্যৰ পাঁচটা প্ৰকল্পৰ মুকলি কৰিব।

 

উল্লেখ্য যে, ৫০০ কোটি টকাৰো অধিক প্ৰকল্প ব্যয়ৰে চেন্নাইত নিৰ্মিত ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাদুৰাই-টেনি (ৰে’লৱে গেজ ৰূপান্তৰ প্ৰকল্প)টোৱে প্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনৰ ক্ষেত্ৰত নতুন ধাৰাৰ সংযোজন কৰিব। ৫৯০ কোটি টকাৰো অধিক প্ৰকল্প ব্যয়ৰে নিৰ্মাণ কৰা তাম্বাৰাম – চেংগালপট্টুৰ মাজৰ ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তৃতীয় ৰে’লপথটোৱে অধিক উপনগৰীয়া সেৱাৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত ভ্ৰমণকাৰীসকলৰ বাবে অধিক বিকল্প আৰু আৰাম বৃদ্ধি হ’ব।

 

 

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত লাইট হাউচ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মিত ১১৫২টা গৃহ উদ্বোধন কৰা হ’ব। লগতে প্ৰধানমন্ত্ৰীয়ে চেন্নাইত আধাৰশিলা স্থাপন কৰিব ১,৪০০ কোটি ব্যয়ৰে নিৰ্মিত হ’বলগীয়া মাল্টি মডেল লজিষ্টিক পাৰ্কৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 4 =

Back to top button