অপৰাধঅসমঅসম আৰক্ষী

বিহালী আৰক্ষী থানাত কনিষ্টবলৰ আত্মহত্যা।

ছাৰ্ভিছ পিষ্টলেৰে গুলী কৰি আত্মহত্যা ললিত তেৰাঙৰ।

বিশ্বনাথৰ বিহালী আৰক্ষী থানাত অঘটন। থানাৰ চৌহদতে আত্মহত্যা কনিষ্টবলৰ। ছাৰ্ভিছ পিষ্টলেৰে গুলী কৰি আত্মহত্যা।আত্মহত্যা কৰা ব্যক্তিজনৰ নাম ললিত তেৰাং। মৃত ললিত তেৰাঙৰ ঘৰ বিশ্বনাথৰ গহপুৰত। বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ। নিশা আত্মহত্যা কৰিছিল কনিষ্টবল ললিত তেৰাঙে।

দণ্ডাধীশৰ উপস্থিতিত বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ ইফালে পৰিয়ালৰ লোকে ঘটনাৰ উচিত তদন্ত বিচাৰিছে যদিও এই মূহুৰ্তলৈকে জোৱানজনৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.