অসমগুৱাহাটীৰাজনৈতিক

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

মোদীৰ ভ্ৰমণ উপলক্ষে অসম আৰক্ষীয়ে গঢ়ি তুলিছে নিছিদ্ৰ নিৰাপত্তা বেষ্টনী

১৩ আৰু ১৪ চেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে, মঙলদৈ আৰু নুমলীগড়লৈয়ো যাব প্ৰধানমন্ত্ৰী গৰাকী।

১৩ ছেপ্টেম্বৰৰ আবেলি বৰঝাৰত অৱতৰণ কৰিব মোদীৰ বিমান। খানাপাৰাৰত অনুষ্ঠিত হ’বলগীয়া জন্ম শতবৰ্ষৰ বিশাল অনুষ্ঠানত ১২০০ কৈ অধিক শিল্পীয়ে সমস্বৰে গাব ভূপেন দাৰ ১৪ টা কালজয়ী গীত । অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব সুধাকণ্ঠৰ জীৱনী । ভূপেন দাৰ প্ৰতিচ্ছবি সম্বলিত মুদ্ৰাও মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

আনহাতে, ১৪ চেপ্তেম্বৰত মঙলদৈ চিকিৎসা মহাবিদ্যালয়, GNM স্কুলৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে । নাৰেংগী-কুৰুৱাৰ নতুন দলং, গুৱাহাটী ৰিং ৰোডৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে ।

ইয়াৰ পিছতে, নুমলীগড় শোধনাগাৰৰ জৈৱ শোধনাগাৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে । নুমলীগড়ৰ অনুষ্ঠানৰ পিছতে, যোৰহাট বিমানবন্দৰ হৈ দিল্লীলৈ উভতি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

ইতিমধ্যে, মোদীৰ ভ্ৰমণ উপলক্ষে অসম আৰক্ষীয়ে গঢ়ি তুলিছে নিছিদ্ৰ নিৰাপত্তা বেষ্টনী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.