অসমউৎসৱধৰ্মীয়ধাৰ্মিক

শাৰদীয় দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ বাৰ্তা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্রীগৰাকীৰ

শাৰদীয় দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, বিশ্বৰ ভিতৰতে প্রাচীন ভাৰতীয় সভ্যতা–সংস্কৃতিৰ মূল উপাদান হৈছে আধ্যাত্মিক জীৱন–দর্শন৷ অতীজৰে পৰা ভাৰতীয় সমাজ জীৱন, শক্তিশালী আধ্যাত্মিক ধ্যান–ধাৰণাৰে পৰিচালিত হৈ মূল্যবোধ তথা মানৱতাবোধৰ আধাৰত প্রতিষ্ঠিত এখন প্রগতিশীল সমাজ হিচাপে পৰিচিত হৈ আহিছে৷

ড০ শর্মাই কয়, ‘শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বর্তি থকা শান্তি–সম্প্রীতি, প্রেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্রেৰণা কৰিব।‘

আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে স্বাস্থ্য বিভাগে জাৰি কৰা নীতি–নির্দেশনা অনুসৰণ কৰি শৃংখলাবদ্ধভাৱে শাৰদীয় দুর্গোৎসৱ উদযাপনৰ বাবে আহ্বান জনাই তেওঁ কয় যে, ক’ভিডৰ সংক্রমণ কিছু স্তিমিত হৈছে যদিও ইয়াৰ বিভীষিকা আঁতৰি যোৱা নাই৷ ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ কৰিবলে আহ্বান জনাইছে৷ লগতে সকলোকে ভেকচিন ল’বলৈও তেওঁ আহ্বান জনাইছে মুখ্যমন্ত্রীগৰাকীয়ে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.