অসমউৎসৱধৰ্মীয়ধাৰ্মিক

আজি মহাসপ্তমী! অধীৰ অপেক্ষাৰ অন্তত ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱ

পূর্বৰ দৰে আড়ম্বৰপূর্ণভাৱে নহ'লেও সীমিত পৰিসৰৰ মাজত আয়োজন হৈছে দুর্গোৎসৱ

পূজাৰীৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলি, ঢাক–ঢাক, শংখধ্বনিৰ সুললিত সমলয়ৰ মাজেৰে ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ল দুর্গতিনাশিনীৰ প্রতিমা৷ ইয়াৰ লগে লগে ভক্তৰ অধীৰ অপেক্ষাৰ অন্ত পৰিল আৰু ৰাজ্যজুৰি আৰম্ভ হ’ল শাৰদীয় দুর্গোৎসৱ৷

বিগত বর্ষত ক’ভিডৰ সংক্রমণৰ বাবে দুর্গাপূজা অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটাৰ বাবে নির্দিষ্ট নীতি–নির্দেশনাৰ মাজেৰে দুর্গোৎসৱ আয়োজনৰ অনুমতি প্রদান কৰিছে চৰকাৰে৷

ক’ভিডকালীন পৰিস্থিতিৰ বাবে পূর্বৰ দৰে আড়ম্বৰপূর্ণভাৱে আয়োজন কৰিবলৈ সক্ষম নহ’লেও সীমিত পৰিসৰৰ মাজত ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজন কৰা হৈছে দুর্গোৎসৱ৷

আজি মহাসপ্তমী৷ সমাজৰ অসূয়া–প্রীতি, মাৰি–মৰক, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্রার্থনাৰে আজি মহিষমর্দিনীৰ শ্রীচৰণত ভক্তসকলে আগবঢ়াইছে পূজা–অর্চনা৷

ক’ভিডৰ বাবে ৰাজ্যৰ আন প্রান্তসমূহৰ দৰেই গুৱাহাটীতো সীমিত পৰিসৰৰ মাজত আয়োজন কৰা হৈছে দুর্গাপূজা৷ মহানগৰীত মুঠ ৪৫৩খন পূজাৰ আয়োজন কৰা হৈছে৷ অৱশ্যে পূর্বৰ দৰে লাখ লাখ টকাৰ বাজেটৰ পৰিৱর্তে সাধাৰণভাৱে মহানগৰীৰ পূজা কমিটীসমূহে আয়োজন কৰিছে দুর্গাপূজাৰ৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − eleven =

Back to top button