অসমআঞ্চলিক

আৰম্ভ হ’ব নৱৰাত্ৰি! নৱৰাত্ৰিত উপবাসে থকা সকলে বৰ্জন কৰক এইসমূহ খাদ্য

নৱৰাত্ৰিৰ সময়ত কি কি খাদ্য পৰিহাৰ কৰিব লাগে তলত উল্লেখ কৰা হ’ল-

নৱৰাত্ৰি উপবাসে থকা সকলে কি কি খোৱা অনুচিত? অধিক সংখ্যক লোকেই নৱৰাত্ৰিৰ সময়ছোৱাত ৯ দিন উপবাসে থাকে। নৱৰাত্ৰিৰ ৯ দিনত সাত্ত্বিক খাদ্য খোৱা উচিত বুলি কোৱা হয়। ৯ দিনীয়া আধ্যাত্মিক আৰাধনাৰ দিনবোৰত খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া হয়। এই সন্দৰ্ভত ধৰ্মীয় দৃষ্টিকোণৰ পৰা কোৱা হৈছে নৱৰাত্রিৰ ৯ দিনত সকলোৱে খোৱাৰ ক্ষেত্ৰত সংযমী হোৱা উচিত।

নৱৰাত্ৰিৰ সময়ত কি কি খাদ্য পৰিহাৰ কৰিব লাগে তলত উল্লেখ কৰা হ’ল-

১) আমিষ খাদ্য যেনে মাংস, মাছ, কণী আদিৰ পৰা আঁতৰত থাকিব লাগে। এই খাদ্যসমূহ ৰাজসিক খাদ্যৰ শ্ৰেণীত পৰে। নৱৰাত্ৰি পালন কৰা ব্যক্তিয়ে এই পৱিত্ৰ ৯ দিনত এনে খাদ্য সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে।

২) ছ’ডা, শীতল পানীয়, ক’ক আৰু সুৰা নৱৰাত্ৰিৰ খাদ্য-পানীয়ৰ অংশ নহয়। এনে পানীয়ৰ পৰা আঁতৰি থাকিব লাগে।

৩) নৱৰাত্ৰিৰ সময়ত ধূমপান কৰা উচিত নহয়। এনে অৱস্থাত হুকা, চিগাৰেট, বিড়ি আদি সেৱন কৰা উচিত নহয়।

৪) বহু ধৰণৰ আটা যেনে, কৰ্ন ফ্লাৱাৰ আটা, ঘেঁহুৰ আটা, ময়দা, চাউলৰ আটা, চুজি উপবাসে থকাসকলে খাব নালাগে।

৫) নৱৰাত্ৰিৰ উপবাসৰ সময়ত কিছুমান বিশেষ মছলা নিষিদ্ধ। ইয়াৰ ভিতৰত সৰিয়হৰ গুটি, হিং, মেথি গুটি, হালধি আৰু গৰম মছলা অন্যতম।

৬) নৱৰাত্ৰিত উপবাসে থকা লোকসকলে মাহজাতীয় শস্য পৰিহাৰ কৰে, কাৰণ ইয়াক ফলমূল বা নিৰামিষ খাদ্য বুলি গণ্য কৰা নহয়।

৭) পিঁয়াজ, নহৰু, মাছৰুম আদিক তামাসিক শাক–পাচলি বুলি গণ্য কৰা হয়। সেয়ে এয়া পৰিহাৰ কৰা উচিত। উপবাসৰ সময়ত ফুলকবি, কেপচিকাম, বেঙেনা আদি পাচলিও নাখায়৷

 

নৱৰাত্ৰিৰ দিনকেইটাত এইসমূহ খাদ্যৰ পৰা দূৰত থাকিব লাগে, তেতিয়াহে নৱৰাত্ৰিৰ ব্ৰত সম্পূৰ্ণ হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.