অসমআঞ্চলিক

সু-খবৰ! এতিয়া আৰু আপোনাৰ বেটাৰী বেয়া হ’লে নতুন ক্ৰয় কৰিব নালাগে!

ৰাজ্যত প্ৰথমবাৰৰ বাবে পুৰণি বেটাৰীৰ ৰি-জেনেৰেচন প্রতিষ্ঠান

সু-খবৰ! ৰাজ্যত প্ৰথমবাৰৰ বাবে পুৰণি বেটাৰীৰ ৰি-জেনেৰেচন প্রতিষ্ঠান

 

সাধাৰণতে আমাৰ ঘৰত ব্যৱহৃত হোৱা পুৰণি বেটাৰী বেয়া হ’লে গ্যাৰান্টিৰ ম্যাদ শেষ হ’লে আমি উক্ত বেটাৰীটো অতি সামান্য মূল্যত কোনো লোহা-সত্তৰৰ বেপাৰীক বিক্ৰী কৰি দিওঁ। পৰৱৰ্তী সময়ত আমি আকৌ অতি উচ্চ নিৰিখিত এটা বেটাৰী ক্রয় কৰো।

সেয়েহে গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যে অসমত পোনপ্ৰথমবাৰৰ বাবে বেটাৰী ৰিজেনেৰেচন প্রতিষ্ঠান মুকলি কৰা হৈছে। আজি গুৱাহাটীৰ ভেটাপাৰাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় প্রতিষ্ঠানটো। ভেটাপাৰাৰ বৰসজাই জাতীয় বিদ্যালয়ৰ সমীপত অৱস্থিত বিশ্বকর্মা বেচাৰী চলিউছন এওবি-জেনেটেডত আপুনি কেৱল তিনিহাজাৰ টকাতেই আপোনাৰ পুৰণি বেটাৰীটো নতুন কৰিব পাৰিব।

এটা পুৰণি বেটাৰী তিনিবাৰকৈ ৰিজেনেৰেট কৰিব পাৰি। বি-জেনেৰেট কৰাৰ পিছত এটা বেটাৰীৰ আয়ুস ৩৮মাহ।এনেদৰে আপুনি এটা পুৰণি তিনিবাৰকৈ অর্থাৎ ৩৮×৩=১১৪মাহ। ১ বছৰ ৫ মাহ ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰতিষ্ঠানত ইনভাটাৰ বেটাৰী, কমাৰ্চি যেন বেপাৰী আৰু টাৱাৰ বেটাৰীৰ ৰি-জেনেৰচন কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.