অসমআঞ্চলিক

৫টা মুৰ্গীৰ মৃতদেহ লৈ থানাত এগৰাকী মহিলা! মুৰ্গী হত্যাৰ বাবে তিনিজনৰ বিৰুদ্ধে এজাহাৰ

তছলিমা বেগমৰ পোহনীয়া হাঁহ আৰু মূৰ্গীয়ে ছৰিফুল ইছলামৰ খেতিত গৈ খেতি নষ্ট কৰাৰ বাবে এই ঘটনা

৫টা মুৰ্গীৰ মৃতদেহ লৈ থানাত এগৰাকী মহিলা! মুৰ্গী হত্যাৰ বাবে তিনিজনৰ বিৰুদ্ধে এজাহাৰ

এখন এজাহাৰ আৰু ৫টা লোকেল মুৰ্গীৰ মৃতদেহ! মৃতদেহটো লৈ হাজো আৰক্ষী থানাত উপস্থিত হ’ল এগৰাকী মহিলা। মুৰ্গী হত্যা কৰা ৩ হত্যাকাৰী ছৰিফুল, হাছিনা, আৰু ইক্রাম নামৰ তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল তছলিমা বেগম নামৰ মহিলাগৰাকীৰ। হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি।

ঘটনা অনুসৰি, তছলিমা বেগমৰ পোহনীয়া হাঁহ আৰু মূৰ্গীৰ জাক কেইটাই ছৰিফুল ইছলামৰ খেতিত গৈ খেতি নষ্ট কৰাৰ বাবে দুই ঘৰৰ মাজত প্ৰায়ে হৈ থাকে হায় কাজিয়া। কেতিয়াবা আকৌ লাগে খেদা খেদিও।

তেনেসময়তে দেওবাৰে, তছলিমা বেগমে নিজৰ ৫টা মূৰ্গীক চৰিফুল, হাছিনা আৰু আক্ৰামে খেতিত বিহ দি নিধন কৰাৰ অভিযোগ তুলি থানালৈ লৈ আহিল মুৰ্গীৰ মৃতদেহকেইটা৷ মুৰ্গী হত্যাকাৰীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। তছলিমাক যিকোনো প্ৰকাৰে ন্যায় লাগিবই। এই ঘটনাক লৈ এতিয়া হাজোত সৰৱ চৰ্চা। আৰক্ষীও আগবঢ়াইছে তদন্ত! পিছে মুৰ্গী হত্যাৰ ঘটনাৰ ন্যায় লাভ কৰিবনে গৰাকীয়ে ?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.