অসমআঞ্চলিক

মাটিৰ প্ৰতিমা নহয়! এইবাৰ পূজাত কৰা হ’ব মাৰ্বলৰ প্ৰতিমাক পূজা

ভিয়েটনামী মাৰ্বল পাথৰেৰে প্ৰস্তুত কৰা দেৱী দুৰ্গা

মাটিৰ প্ৰতিমা নহয়! এইবাৰ পূজাত কৰা হ’ব মাৰ্বলৰ প্ৰতিমাক পূজা

 

আজি মহালয়া। দুৰ্গা পূজালৈ মাথোঁ দুটামান দিন বাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে খাৰুপেটীয়াতো মৃৎ শিল্পীৰ লগতে অৰ্ধশতাধিক পূজা সমিতি ব্যস্ত হৈ পৰিছে পূজা মণ্ডপ নিৰ্মাণৰ কামত। সমান্তৰালভাৱে আঠটা দশক গৰকা খাৰুপেটীয়া বাৰোৱাৰী পূজা মন্দিৰতো দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ দুৰ্গা পূজা মন্দিৰ ৰূপে পৰিচিত খাৰুপেটীয়াৰ এই বাৰোৱাৰী পূজা মন্দিৰত বিগত আঠটা দশক ধৰি পূজা অৰ্চনা কৰা মাটিৰ প্ৰতিমাৰ সলনি এইবাৰ সুদুৰ ৰাজস্থানৰ জয়পুৰত প্ৰস্তুত কৰা ভিয়েটনামী মাৰ্বলৰে প্ৰস্তুত কৰা দেৱী দুৰ্গাৰ অভিষেক কাৰ্যসূচী।

দেৱী দুৰ্গাক আৰাধনাৰ বাবে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আয়োজক মণ্ডলী।এই উপলক্ষে সৰ্ববৃহৎ মন্দিৰত জয়পুৰত ভিয়েটনামী মাৰ্বল পাথৰেৰে প্ৰস্তুত কৰা দেৱী দুৰ্গাৰ লগতে শ্যামাকালী আৰু ৰাধাকৃষ্ণণৰ যুগলমূৰ্তিৰ অভিষেক প্ৰতিষ্ঠা আৰু মহাযজ্ঞ ২৬ ,২৭ আৰু ২৮ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব খাৰুপেটীয়াৰ বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰত।উল্লেখযোগ্য যে ২০১৯ চনৰ ৩ অক্টোবৰত ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ নৱনিৰ্মিত খাৰুপেটীয়াৰ বাৰোৱাৰী পূজা মন্দিৰটোৰ দ্বাৰ শুভ উদ্বোধন কৰিছিল তেতিয়াৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.