অপৰাধঅসমকেৰালা

অসমৰ ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি গ্ৰেপ্তাৰ আফগানিস্তানৰ নাগৰিক

কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আফগানিস্তানৰ লোকজনক

দেওবাৰে অসমৰ আধাৰ কাৰ্ড আৰু অন্যান্য নথিপত্ৰসহ কেৰালাত গ্ৰেপ্তাৰ হৈছে এজন আফগান নাগৰিকক।
এক প্ৰতিবেদন অনুসৰি কেৰালা আৰক্ষীয়ে শনিবাৰে ২২ বছৰীয়া আফগান নাগৰিক আব্বাছ খান ওৰফে ইদগুলক গ্ৰেপ্তাৰ কৰে। লোকজনে জালি নথিপত্ৰ ব্যৱহাৰ কৰি কোচিন শিপইয়ৰ্ড লিমিটেডত (চিএছএল) কাম কৰি আছিল।
দেওবাৰে এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, আফগানিস্তানৰ বাসিন্দা আব্বাছ খান ওৰফে ইডগুলে অসমত ঠিকনাৰ সৈতে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল। আফগান নাগৰিকজনে নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু কোচিন শিপইয়ৰ্ডত চাকৰিৰ বাবে জালি নথিপত্ৰ ব্যবহাৰ কৰিছিল বুলি জানিব পৰা গৈছে।
আব্বাছ খানে নথিপত্ৰ তৈয়াৰ কৰিবলৈ অসমত আছিল আৰু বিদ্যালয়ৰ প্ৰমাণপত্ৰকে ধৰি জাল নথিপত্ৰ ব্যৱহাৰ কৰি কোচিনলৈ গৈছিল।
আফগান নাগৰিকজনে অসমত এটা জাল ঠিকনা ব্যৱহাৰ কৰি আধাৰ কাৰ্ডও প্ৰস্তুত কৰিছিল।
ইতিমধ্যে, কোচি আৰক্ষীয়ে আঘানৰ পৰা জাল আধাৰ কাৰ্ডখন জব্দ কৰিছে। আফগান নাগৰিকজনে দাবী কৰিছে যে তেওঁৰ দেউতাক এজন আফগান নাগৰিক কিন্তু তেওঁৰ মাতৃ অসমৰ।
অৱশ্যে, অধিক তথ্যৰ বাবে গোচৰটোৰ সন্দৰ্ভত তদন্ত চলাই ৰখা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button