AssamCity newsEducationInternationalInternationalleatest updatenationalnorth eastSocialSocial Networkঅসমচিকিৎসাদৈনিক বাতৰি

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অত্যাধুনিক অভিযান্ত্ৰিক কাৰ্যসূচী

অসম ডাউন টাউন ইউনিভাৰ্চিটি আৰু এল এণ্ড টি এডুটেকৰ সৈতে বন্ধুত্ব

অসম ডাউন টাউন বিশ্ববিদ্যালয়ে অত্যাধুনিক অভিযান্ত্ৰিক কাৰ্যসূচী আগবঢ়াবলৈ এল এণ্ড টি এডুটেকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ  ১৪ মে’, ২০২৪ দিনটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!  অসম ডাউন টাউন ইউনিভাৰ্চিটি (AdtU)-এ এল এণ্ড টি এডুটেকৰ সৈতে বন্ধুত্ব কৰি চিভিল ইঞ্জিনিয়াৰিং আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত উদ্যোগ কেন্দ্ৰিক প্ৰযুক্তিবিদ্যাত স্নাতক (বি.টেক) ডিগ্ৰীৰ দৰে পাঠ্যক্ৰম প্ৰদান কৰিছে ।

এই সহযোগিতাই উত্তৰ-পূব ভাৰতৰ বাবে এই ধৰণৰ প্ৰথমবাৰৰ বাবে হোৱা বুলি উল্লেখ কৰিছে উদ্যোগতাসকলে । এই অনুষ্ঠানৰ আঁত ধৰে এম.এফ. ফেবিন, বিজনেছ হেড-কলেজ কানেক্ট, এল এণ্ড টি এডুকটেকয়ে  ।

এল এণ্ড টি এডুকটেক ইয়াৰ অনন্য শৈক্ষিক প্ৰস্তাৱৰ বাবে পৰিচিত যিয়ে তাত্ত্বিক শিক্ষণ আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ মাজৰ ব্যৱধান দূৰ কৰে, ছাত্ৰ-ছাত্ৰীসকলক সফল কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰে বুলি উল্লেখ । “এল এণ্ড টি এডুটেকৰ সৈতে বি.টেক চিভিল ইঞ্জিনিয়াৰিং আৰু বি.টেক মেকানিকেলৰ আনুষ্ঠানিক আৰম্ভণিতে অসমৰ ডাউন টাউন ইউনিভাৰ্চিটিত আমাৰ বাবে সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত” বুলি উল্লেখ উদ্যোগতাসকলৰ ।

এই কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলক অনাগত সময়ত আগবঢ়াই লোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মনোবল  শক্তিশালী কৰিব বুলি উল্লেখ কৰে । এই উদ্যোগ-প্ৰতিষ্ঠানৰ সহযোগিতা আৰু বন্ধুত্বই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উদ্যোগটোৱে বিচৰা প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত হৈ অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী অভিযান্ত্ৰিক শিক্ষা লাভ কৰাৰ এক অনন্য সুযোগ দাঙি ধৰাৰ প্ৰয়াস কৰিব আশাবাদী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.