অসমচিকিৎসাস্বাস্থ্য

স্বাস্থ্য বিভাগৰ চৰম অনীহা! চিকিৎসালয়ত নৰক যন্ত্রণাত ভুগিছে ৰোগীয়ে…

স্বাস্থ্য বিভাগৰ চৰম অনীহা আৰু অদিচ্ছাৰ বাবে এতিয়া ভূত বাংলালৈ পৰিণত হৈছে মায়ঙৰ লোনমাটি ৰাজ্যিক চিকিৎসালয়।

স্বাস্থ্য বিভাগৰ চৰম অনীহা আৰু অদিচ্ছাৰ বাবে এতিয়া ভূত বাংলালৈ পৰিণত হৈছে মায়ঙৰ লোনমাটি ৰাজ্যিক চিকিৎসালয়।

মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ মায়ঙৰ লোনমাটি চিকিৎসালয়ৰ এই কাণ্ড। ১৯৬২ চনত স্থাপন হোৱা এই চিকিৎসালয়খনত এতিয়াও নাই কোনো উপযুক্ত চিকিৎসাৰ সুৱ্যবস্থা।

চিকিৎসালয়খনৰ অবস্থা চালে আপোনাৰো চকু কপালত উঠিব। অস্বাস্থ্যকৰ কদৰ্যময় কোঠালি, গৰুৰ গোবৰ, নিগনিয়ে কুটা কাগজ, ছিঙা কাপোৰৰ টুকুৰা আদিৰে ভৰপূৰ এক দূৰ্গন্ধময় পৰিৱেশ। অকল সেয়াই নহয় ঘৰৰ ওপৰত টিনৰ চালি ভাঙি যোৱাত বৰষুণৰ পানীত সৃষ্টি হয় কৃত্রিম বানৰ। এক কথাত ক’বলৈ গ’লে নৰক যন্ত্রণাত ভুগিছে বৃহত্তৰ মায়ং অঞ্চলৰ সাধাৰণ জনতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button