ভাৰত

পৰীক্ষাৰ পূৰ্বেই ছ’চিয়েল মিডিয়াত ভাইৰেল হ’ল প্ৰশ্নকাকত, পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ…

যিসকল পৰীক্ষাৰ্থীয়ে অংক বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, সেই সকলো পৰীক্ষাৰ্থীয়ে অহা ২৪ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত উপস্থিত থাকিব লাগিব, অন্যথা তেওঁলোকক অনুপস্থিত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে 'Bihar School Examination Board'য়ে

পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই ফাদিল হ’ল প্ৰশ্নকাকত। বাতিল কৰা হল দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই গ্ৰহণ কৰা হল এই বৃহৎ সিদ্ধান্ত।

বিহাৰত দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ১৭ ফ্ৰেব্ৰুৱাৰীতে বিহাৰৰ ২৫টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল অংক বিষয়ৰ পৰীক্ষা। কিন্তু শেহতীয়াকৈ এই কথা পোহৰলৈ আহিছে যে, অংক পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগেয়েই কাকতখন সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল। ছাত্ৰ-ছাত্ৰীৰ দলে এই অভিযোগ তোলাৰ পাছতেই ‘Bihar School Examination Board’এ এই পৰীক্ষাটো বাতিল কৰাৰ লগতে পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাটো পুনৰ ২৪ মাৰ্চত পুৱা ৯.৩০ৰ পৰা ১২.৪৫ লৈকে অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰে ‘Bihar School Examination Board’য়ে।

১৭ ফেব্ৰুৱাৰীত যিসকল পৰীক্ষাৰ্থীয়ে অংক বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল, সেই সকলো পৰীক্ষাৰ্থীয়ে অহা ২৪ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত উপস্থিত থাকিব লাগিব, অন্যথা তেওঁলোকক অনুপস্থিত ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে ‘Bihar School Examination Board’য়ে। ছাত্ৰ-ছাত্ৰী সকলে পূৰ্বতে দিয়া অনুমতি পত্ৰখনেই ব্যৱহাৰ কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button