অপৰাধঅৰ্থনৈতিকঅসম

৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য ফাদিল! অৱশেষত মুখ খুলিলে শুভ্ৰজ্যোতি ভৰালীয়ে..

মূঠ ১২৫ জন ব্যক্তিগত কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল ভৰালীয়ে৷ ধন সংগ্ৰহক হিচাপে নিযুক্তি দিছিল শতাধিক কৰ্মচাৰীক৷ প্ৰতিজনক দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়াহে দেখুৱাইছিল ভৰালীয়ে৷

অৱশেষত মুখ খুলিলে শুভ্ৰজ্যোতি ভৰালীয়ে।

ফাদিল হ’ল ইণ্ডাষ্ট্ৰিয়েল বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য।  জেৰাত মূখ খুলিছে বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে৷

ভৰালীয়ে নিজৰ ব্যক্তিগত বিত্তিয় প্ৰতিষ্ঠানৰ জৰিয়তে চলাইছিল লুণ্ঠন৷ অসমী ফাইনেন্স নামৰ এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰো মালিক ভৰালী৷

মূঠ ১২৫ জন ব্যক্তিগত কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল ভৰালীয়ে৷ ধন সংগ্ৰহক হিচাপে নিযুক্তি দিছিল শতাধিক কৰ্মচাৰীক৷ প্ৰতিজনক দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়াহে দেখুৱাইছিল ভৰালীয়ে৷ কৰ্মচাৰীৰ নামত থকা অতিৰিক্ত দৰমহা আত্মসাৎ কৰিছিল ভৰালীয়ে৷

TAৰ নামতো প্ৰায় ১ কোটি ১০ লাখ আত্মসাৎ কৰিছিল ভৰালীয়ে৷

পূৰ্বে বেংকটোত আত্মসহায়ক গোটক লোন দিয়া নিয়ম নাছিল৷ কিন্তু ভৰালীয়ে বেংকত যোগদান কৰিয়েই আত্মসহায়ক গোটক লোন দিছিল৷ লোনৰ কিষ্টি সংগ্ৰহৰ নামতো ৪ কোটি ৮২ লাখ আত্মসাৎ কৰিছিল৷

মুঠৰ ওপৰত সকলো ফালৰ পৰাই টকা সৰকোৱাত সিদ্ধহস্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button