অসম

হৈছিল বাল্য বিবাহ! পিতৃ জেললৈ যোৱাৰ আশংকাতে আত্মহত্যা কৰিলে দুই সন্তানৰ মাতৃয়ে

মানকাচৰত সংঘটিত মৰ্মান্তিক ঘটনা

মানকাচৰত সংঘটিত মৰ্মান্তিক ঘটনা। ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাৰ মাজতেই ঘটিল অঘটন।পিতৃ-মাতৃ জেললৈ যোৱাৰ আশংকাতে আত্মহত্যাৰ নিচিনা চৰম সিদ্ধান্ত বাচি ল’লে খুচবু বেগম নামৰ ২৩ বছৰীয়া মহিলাই।দুই সন্তানৰ মাতৃ আছিল খুচবু। উল্লেখ্য যে ১২ বছৰ বয়সত মনোজ মিঞা নামৰ এজন ব্যক্তিৰ লগত খুচবুক বিয়া দিছিল খুচবুৰ পিতৃয়ে।কিন্তু কভিডত প্ৰাণ হেৰুৱাইছিল খুচবুৰ স্বামীয়ে। আৰু এতিয়া বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানত পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাত নিজেই আত্মহত্যাৰ পথ বাচি ল’লে খুচবু বেগমে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.