Socialঅসমআঞ্চলিক

চৰ্চাত এগৰাকী আইতা! ১০২বছৰ বয়সতো বয় উলিয়ালে ১১ খনকৈ গামোচা

বয়সেও কৰ্মস্পৃহাক ৰখাব নোৱাৰিলে আইতাগৰাকীৰ৷ কৰ্মদক্ষ আইতাই ৰাতিপুৱাৰ পৰা ব্যস্ত থাকে ঘৰৰ প্ৰতিটো কামৰ মাজত।

চৰ্চাত এগৰাকী ১০২বছৰীয়া আইতা! আইতা গৰাকীৰ ঘৰ বাইহাটাত৷ বয়সৰ ওচৰত হাৰ নমনা এইগৰাকী আইতা এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছেI

বয়স উকলি যোৱাৰ পিছতো নিজৰ আগ্ৰহ আৰু একাগ্ৰতাৰ লগতে অনুশীলনৰ বাবে ১০২বছৰ বয়সতো নিজ হাতেৰে বয় উলিয়ালে প্ৰায় ১১ খনকৈ ফুলাম গামোচা৷ ফুলাম গামোচা সাজু কৰিছে এইগৰাকী আইতাই৷

বয়সেও কৰ্মস্পৃহাক ৰখাব নোৱাৰিলে আইতাগৰাকীৰ৷ কৰ্মদক্ষ আইতাই ৰাতিপুৱাৰ পৰা ব্যস্ত থাকে ঘৰৰ প্ৰতিটো কামৰ মাজত।কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পাত্ৰপুৰ গাঁৱৰ এই গৰাকী আইতাৰ নাম হেমপ্ৰভা ডেকা। ইতিমধ্যে এই কৰ্মদক্ষতাৰ বাবে আইতাগৰাকীয়ে স্বীকৃতিপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আইতাগৰাকীক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা৷ আইতাগৰাকীৰ কৰ্মস্পৃহাক লৈ প্ৰশংসা কৰিছে সকলোৱে৷ প্ৰথম খবৰৰ তৰফৰ পৰাও এইগৰাকী কৰ্মপটু আইতাগৰাকীৰ সুস্বাস্থ্য কামনা কৰিলো৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − one =

Back to top button