অসমদুৰ্ঘটনা

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু দুই স্কুটী আৰোহীৰ

চিলাৰায় উৰণীয়া সেতুত ৰবিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু দুই স্কুটী আৰোহীৰ।

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

চিলাৰায় উৰণীয়া সেতুত ৰবিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু দুই স্কুটী আৰোহীৰ। মৃত যুৱকদ্বয় লিচুতলাৰ প্ৰসেনজিৎ সাহা আৰু মিথুন দাস বুলি জানিব পৰা গৈছে।

যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে জানিব দিয়ামতে তেঁওলোকে AS-19L-3865 নম্বৰৰ স্কুটী এখনেৰে চহৰখনৰ পাগলাস্থান দিশত গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়।

আনহাতে স্কুটী খুন্দিয়াই পলায়ন কৰা বাহনখনৰ সম্পৰ্কত আৰক্ষীয়ে এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই। সম্প্ৰতি মৃতদেহ দুটা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.