অসমউৎসৱ

আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা

পুৱাৰে পৰা বিশ্বখনিকৰৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সৰু-বৰ প্ৰতিটো প্ৰতিষ্ঠান, কাৰ্যালয়

আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বিশ্বখনিকৰৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ চৌপাশ। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱ শিল্পৰ আৰাধনা উপলক্ষে ৰাজ্যৰ সৰু-বৰ প্ৰতিখন প্ৰতিষ্ঠান, কাৰখানাত উলহ-মালহেৰে পালন কৰা হয় বিশ্বকৰ্মা পূজা। বিশ্বখনিকৰক আৰাধনা কৰাৰ উদ্দেশ্যে সকলোৱে তেওঁলোকৰ যান-বাহন, সা-সঁজুলিবোৰ ধুই-পখালি উপাসনা কৰে আৰু তেওঁলোকৰ জীৱিকা সুৰক্ষিত ৰাখিবলৈ ভগৱান বিশ্বকৰ্মাক প্ৰাৰ্থনা কৰে।

 

 

বিশ্বকৰ্মা পূজা, যাক বিশ্বকৰ্মা জয়ন্তী বুলিও জনা যায়। এই পূজা হিন্দু সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ। আজিৰ দিনটোতে, ঐশ্বৰিক স্থপতিবিদ বা দেৱতাৰ স্থপতি, ভগৱান বিশ্বকৰ্মাক পূজা কৰা হয়। এই পূজা ভাদ মাহৰ অন্তিম দিনটোত পালন কৰা হয়। যাৰ বাবে এই দিনটোক কন্যা সংক্ৰান্তি বা ভাদ সংক্ৰান্তি বুলি জনা যায়। প্ৰতিবাৰৰ দৰে এই বছৰো ১৭ ছেপ্টেম্বৰৰ অৰ্থাৎ আজিৰ দিনটোত উদযাপন কৰা হৈছে বিশ্বকৰ্মা পূজা।

 

 

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান বিশ্বকৰ্মা, যাক বিশ্বৰ স্ৰষ্টা হিচাপে গণ্য কৰা হয়, তেওঁৱে দ্বাৰকা নিৰ্মাণ কৰিছিল য’ত ভগৱান কৃষ্ণই শাসন কৰিছিল। জনবিশ্বাস, অনুসৰি, বাস্তু দেৱ আৰু দেৱী অঙ্গিশ্ৰীৰ পুত্ৰ ভগৱান বিশ্বকৰ্মাই ৰাৱণৰ পুষ্পক বিমান, ভগৱান শিৱৰ ত্ৰিশূল, ইন্দ্ৰৰ বজ্ৰ (বজ্ৰপাত), পাণ্ডৱসকলৰ বাবে মায়া সভা আৰু ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰ নিৰ্মাণ কৰিছিল। পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰটোও তেওঁৰ সৃষ্টি বুলি বিশ্বাস কৰা হয়। পুৱাৰে পৰা বিশ্বখনিকৰৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সৰু-বৰ প্ৰতিটো প্ৰতিষ্ঠান, কাৰ্যালয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 4 =

Back to top button