অসমদুৰ্ঘটনা

কালিকা লগা ৰজাদুৱাৰ ঘাট! ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন এটি শিশু, এজন যুৱক…

মঙলবাৰে বিয়লি ৭ বাজি ১১ বজাত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল শিশুটি। আনহাতে, ৰজাদুৱাৰ ঘাটত সন্ধানহীন আন এজন যুৱক৷ সাঁতুৰি থকা অৱস্থাতে হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় যুৱকজন

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন। গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ল এটি ১২ বছৰীয়া শিশু। মঙলবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় ছাইদুল ইছলাম নামৰ শিশুটি। বুধবাৰে, পুৱাৰে পৰা SDRF, NDRF বাহিনীয়ে সন্ধান চলাই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে কণমানিটিক।

 

 

মঙলবাৰে বিয়লি ৭ বাজি ১১ বজাত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছিল শিশুটি। আনহাতে, ৰজাদুৱাৰ ঘাটত সন্ধানহীন আন এজন যুৱক৷ সাঁতুৰি থকা অৱস্থাতে হঠাৎ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় যুৱকজন ৷ সেই ঘাটতে মঙলবাৰে, সন্ধানহীন হৈছিল ছাইদুল ইছলাম নামৰ কণমানিটি ৷ ছাইদুলক বিচাৰি উদ্ধাৰ অভিযান চলি থকাৰ সময়তে সন্ধানহীন হয় আন এজন যুৱক৷

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.