৪১ বছৰীয়া হ’ল মহেন্দ্ৰ সিং ধোনী। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, সৰ্বকালৰ শ্ৰেষ্ঠ উইকেট কীপাৰ মহেন্দ্ৰ সিং ধোনীয়ে উদযাপন কৰিলে ৪১ বছৰীয়া জন্মদিন। ৰাঁচীত জন্মগ্ৰহণ কৰা ধোনীয়ে পত্নী সাক্ষীৰ সৈতে ইংলেণ্ডত উদযাপন কৰিলে ৪১ বছৰীয়া জন্মদিন। দুয়োৰে ২ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে ইংলেণ্ডলৈ গৈছিল দুয়ো।
ইনষ্টাগ্ৰামত মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষীয়ে জন্মদিন উদযাপনৰ ভিডিঅ’ শ্বেয়াৰ কৰি জন্মদিনৰ শুভকামনা জনায়।
সাক্ষী সিঙৰ ইনষ্টাগ্ৰাম পোষ্টৰ লিংক – https://www.instagram.com/reel/CfsExi5gMgO/?utm_source=ig_web_copy_link
পৰিয়ালৰ লোকৰ লগতে মহেন্দ্ৰ সিং ধোনীৰ ৪১ তম জন্মদিন সুকীয়াকৈ উদযাপন কৰিছে অনুৰাগীয়ে। বিজয়বাড়াত ধোনীৰ অনুৰাগীয়ে লগাইছে ৪১ ফুট উচ্চতাৰ কাট আউট। য’ত ক্ৰিকেটাৰগৰাকীয়ে বিখ্যাত হেলিকপ্টাৰ শ্বট লগোৱা দেখা গৈছে। ছ’চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে ধোনীৰ এই কাট আউট। অৱশ্যে, এয়া প্ৰথমবাৰৰ বাবে যে অনুৰাগীয়ে ধোনীৰ বাবে কৰিছে তেনে নহয়, কিয়নো ইয়াৰ পূৰ্বেও কেৰালা আৰু চেন্নাইত ধোনীৰ কাট আউট লগোৱা হৈছিল।
41 feet cutout of MS Dhoni for his 41st birthday in Vijaywada District. pic.twitter.com/bj9JFa4EeL
— Johns. (@CricCrazyJohns) July 5, 2022
সৰুৰ পৰা বৃদ্ধলৈকে, মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীৰ এখন বহল পথাৰ আছে। ক্ৰিকেটৰ জৰিয়তে সফলতাৰ শিখৰত উঠিলেও অনুৰাগীৰ বাবে ধোনীৰ সৰলতা যথেষ্ট প্ৰিয়। ক্ৰিকেটৰ পৃথিৱীত ধোনীয়ে সদায় নিজৰ শান্ত-সুলভ স্বভাৱৰ বাবে বিখ্যাত। নিজৰ সাহস, প্ৰতিভাৰ বাবে বহুবাৰ ভাৰতীয় দলক বিজয় ট্ৰফী দিবলৈ সক্ষম হোৱা ধোনীলৈ পুনৰবাৰ জন্মদিনৰ অলেখ শুভকামনা।