অসমকৃষিপ্ৰযুক্তি

নতুন বছৰত সুখবৰ, দেশৰ ৭০ টা ষ্টাৰ্টআপৰ ভিতৰত স্থান লাভ কৰিলে অসমীয়া ষ্টাৰ্টআপে…

নীতি আয়োগৰ স্বীকৃতি পোৱা এটা অন্যতম অসমীয় ষ্টাৰ্টআপ হৈছে বৰ্ণালী শৰ্মা বৰুৱাৰ ইজি হাট প্ৰাঃ লিঃ। এই ষ্টাৰ্টআপে থলুৱা খাদ্য বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰে। ইজি হাটে যোগান ধৰা খাদ্য কেৰাহীত দিয়েই জুতি ল'ব পাৰে গ্ৰাহকে।

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে অসমীয়া প্ৰতিষ্ঠান। কৃষিক্ষেত্ৰৰ বিভিন্ন সমস্যা দূৰীকৰণৰ বাবে চাৰিটা অসমীয়া প্ৰতিষ্ঠানে লৈছে বিভিন্ন পদক্ষেপ। নীতি আয়োগৰ স্বীকৃতি লাভ কৰিলে অসমীয়া উদ্যমী প্ৰতিষ্ঠানে।

অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কৃষকে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যা সমাধানৰ বাবে কেইবাজনো উদ্যমী ব্যক্তিয়ে গঢ়ি তোলা ষ্টাৰ্টআপে লাভ কৰিছে নীতি আয়োগৰ বিশেষ তালিকাত স্থান। ‘আপোনাৰ বাবে কৰা উদ্ভাৱন’ শীৰ্ষৰে নীতি আয়োগে প্ৰস্তুত কৰা দেশৰ ৭০টা ষ্টাৰ্টআপৰ বাছনিৰ তালিকাত স্থান পাইছে চাৰিটা অসমীয়া ষ্টাৰ্টআপে। অসমীয়া উদ্যমী ষ্টাৰ্টআপ প্ৰতিষ্ঠানকেইটা হ’ল-এ আই চি ৱাই টেকন’ল’জিছ প্ৰাঃ লিঃ, ইজি হাট প্ৰাঃ লিঃ, ইন’টেক ইন্টাৰভেনচনছ প্ৰাঃ লিঃ আৰু তৃথি ৰবটিকছ প্ৰাঃ লিঃ।

এই প্ৰতিষ্ঠানকেইটাৰ ভিতৰত প্ৰথম তিনিটা অসমতে আছে যদিও তৃথি ৰব’টিকছ বাংগালুৰুত অৱস্থিত। অসম জীয়ৰী জুতিকা হাজৰিকাৰ লগতে আন দুজন উদ্যমী যুৱক ক্ৰমে বসন্ত ভাট আৰু সুমন্ত ভাটৰ সহযোগত গঢ় লৈ উঠিছে তৃথি ৰব’টিকছে। জুতিকা হাজৰিকাৰ তৃথি ৰব’টিকছে ড্ৰ’নৰ জৰিয়তে শস্যত সাৰ ছটিওৱাত সহায় কৰে। যাৰফলত প্ৰতি একৰ কৃষিভূমিত ৯০ শতাংশ পানী আৰু ৬০ শতাংস সাৰ ৰাহি হয়। আনকি এই প্ৰতিষ্ঠানে গ্ৰামাঞ্চলৰ শিক্ষিত যুৱককো ড্ৰ’ন ব্যৱহাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে।

নতুন বছৰত সুখবৰ, দেশৰ ৭০ টা ষ্টাৰ্টআপৰ ভিতৰত স্থান লাভ কৰিলে অসমীয়া ষ্টাৰ্টআপে...

নীতি আয়োগৰ স্বীকৃতি লাভ কৰা আন দুটা ষ্টাৰ্টআপ গুৱাহাটীত থকাৰ বিপৰীতে আনটো আছে দৰং জিলাত। অঞ্জন চৌধুৰীয়ে আৰম্ভ কৰা এ আই চি ৱাই টেকন’ল’জিছ প্ৰাঃ লিঃৰ সুবিধা অনুসৰি কৃষকে ‘ফাৰ্মাকাট’ নামৰ এক বিশেষ এপৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে। বৰ্তমান এই এপৰ জৰিয়তে লাভান্বিত হৈছে ১১ হাজাৰতকৈও অধিক কৃষক।

সমান্তৰালভাৱে প্ৰিয়াংশু শৰ্মাৰ প্ৰচেষ্টাত গঢ়ি উঠা ইন’টেক ইন্টাৰভেনচনছ প্ৰাঃ লিঃএ নষ্ট হৈ যোৱা কৃষিভূমিৰ গুণাগুণ পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰে। বৰ্তমানলৈকে এই ষ্টাৰ্টআপে উত্তৰ-পূৰ্বাঞ্চলত ৩,০০০ হেক্টৰতকৈও অধিক কৃষিভূমিৰ গুণ উদ্ধাৰ কৰিছে।

নীতি আয়োগৰ স্বীকৃতি পোৱা এটা অন্যতম অসমীয় ষ্টাৰ্টআপ হৈছে বৰ্ণালী শৰ্মা বৰুৱাৰ ইজি হাট প্ৰাঃ লিঃ। এই ষ্টাৰ্টআপে থলুৱা খাদ্য বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰে। ইজি হাটে যোগান ধৰা খাদ্য কেৰাহীত দিয়েই জুতি ল’ব পাৰে গ্ৰাহকে।

কৃষিখণ্ডৰ লগতে কৃষকৰ বিকাশ ঘটাই নীতি আয়োগৰ তালিকাত অসমীয়া ষ্টাৰ্টআপে স্থান লাভ কৰাটো সঁচায়ে এক সুখবৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button