SocialSocial Networkঅভিনয়ভাৰতমনোৰঞ্জন

গোপনে বিবাহপাশত আৱদ্ধ হ’ল ‘মহাদেৱ’

'দেৱো কা দেৱ মহাদেৱ' খ্যাত অভিনেতা মোহিত ৰাইনা নতুন বছৰৰ আৰম্ভণিতে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিল

গোপনে বিবাহপাশত আৱদ্ধ হ’ল ‘মহাদেৱ’।

‘দেৱো কা দেৱ মহাদেৱ’ খ্যাত অভিনেতা মোহিত ৰাইনা নতুন বছৰৰ আৰম্ভণিতে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিল।
প্ৰেমিকা অদিতিৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ’ল মোহিত ৰাইনা। মিডিয়াৰ পৰা আঁতৰত থাকি চিৰ জীৱনৰ বাবে একেলগে থকাৰ অংগীকাৰ লয় মোহিত-অদিতিয়ে। । ইয়াৰ পাছতেই নৱ বিবাহিত পত্নীৰ সৈতে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি মোহিতে, লগে লগে ভাইৰেল হৈ পৰে ফ’টো।

কাশ্মীৰত জন্মগ্ৰহম কৰা জনপ্ৰিয় অভিনেতা মোহিত ৰাইনা মুম্বাইত প্ৰথমে মডেলিঙৰ কেৰিয়াৰ আৰম্ভ কৰি সৰু পৰ্দাত ভুমুকি মাৰিবলৈ সুবিধা পায়। তাৰ লগে লগে ‘দেৱো কা দেৱ-মহাদেৱ’ ধাৰাবাহিকখনৰ জৰিয়তে ঘৰে ঘৰে বিশেষ খ্যাতি লাভ কৰে মোহিতে।

মহাদেৱ ভূমিকাত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে মোহিত ৰাইনাই বলীউদৰ সৰ্বাধিক চৰ্চিত ছবি উৰি দ্যা চাৰ্জিকেল ষ্ট্ৰাইকতো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button