অসমৰাজনৈতিক

উচ্চতৰ মাধ্যমিক প্ৰথম বিভাগ পোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ পোৱা ছাত্ৰই লাভ কৰিব স্কুটি

কেবিনেটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাৰ ঘোষণা

উচ্চতৰ মাধ্যমিক প্ৰথম বিভাগ পোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ পোৱা ছাত্ৰই লাভ কৰিব স্কুটি।

কেবিনেটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাৰ ঘোষণা।

বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষাৰ্থীসকলক উৎসাহ জনোৱাৰ উদ্দেশ্য়ে কেবিনেটত হিমন্ত বিশ্ব শৰ্মাই উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক মুঠ ৩৫,৮০০০ খন স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি উচ্চতৰ মাধ্যমিকৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫ শতাংশতকৈ অধিক নম্বৰ পোৱা ৬,০৫২ জন ছাত্ৰক প্ৰদান কৰিব স্কুটী।

Assam Government Will Provide Scooters To Meritorious HS Students

অহা ৩০ অক্টোবৰৰ পৰা কেবিনেটে প্ৰদান কৰিব স্কুটীসমুহ। ছাত্ৰ- ছাত্ৰী সকলক প্ৰদান কৰা স্কুটী পঞ্জীয়নৰ বাবেও প্ৰদান কৰা হ’ব বিত্তীয় সাহায্য। এই প্ৰস্তাৱমৰ্মে উচ্চশিক্ষা বিভাগে অধ্যক্ষৰ জড়িয়তে ছাত্ৰ ছাত্ৰীসকলৰ স্কুটী পঞ্জীয়ন আৰু বিমাৰ বাবেও প্ৰদান কৰিব বিত্তীয় সাহাৰ্য।

Assam CM, Dr Himanta Biswa Sarma briefs media after the cabinet meeting on  Wednesday. Photo by Reba Kumar Borah - The Shillong Times

ইয়াৰ উপৰিও বুধবাৰৰ কেবিনেটত সহকাৰী অধ্যাপকৰ দৰমহা বৃদ্ধিটো অনুমোদন জনায়। কাজিৰঙাত ফাইভষ্টাৰ হোটেল নিৰ্মাণ,জাতিগত প্ৰমাণপত্ৰ জাৰিকৰণৰ উচ্চমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশাৱলী,ফিক্সড পে’ত কাৰ্যনিৰ্বাহ কৰি থকা সহকাৰী অধ্যাপকৰ দৰমহা মাহিলী ৫৫ হাজাৰলৈ বৃদ্ধি কৰাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Check Also
Close
Back to top button