অসম

ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান, জব্দ ৭ লাখ ৩ হাজাৰ ৮০০ টকা!

দুদিন পূৰ্বে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল দীতিমণি গগৈ

ডিব্ৰুগড়ত DTOৰ বৈৰাগীমঠৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ দল। DTO সঞ্জীৱ হাজৰিকাৰ ঘৰত ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখা সঞ্চালকালয়ৰ অভিযান।

বুধবাৰে দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়িকা দিতিমণি গগৈক কাৰ্যালয়ত উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখা সঞ্চালকালয়ে। দিতিমণি গগৈৰ বাসগৃহৰ পৰা ৯ লাখ ৩০ হাজাৰ ৫০০ টকা উদ্ধাৰ কৰিছিল অভিযানকাৰী দলটোৱে। পৰিবহণ বিভাগ কাৰ্যালয়ৰ কনিষ্ঠ সহায়িকা আছিল দিতিমণি গগৈ। সহায়িকা দীতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছিল সঞ্জীৱ হাজৰিকাৰ ঘৰত।

হাজৰিকাৰ বাসগৃহত তালাচী চলাই বৰ্তমানলৈকে ৭,০৩,৮০০ টকাৰ অহিচাপবিহীন নগদ ধন উদ্ধাৰ কৰা হৈছে আৰু ৮৭ হাজাৰ বিমুদ্ৰাকৃত নোট পোৱা গৈছে। বৰ্তমানেও হাজৰিকাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.