SocialSocial Networkঅসম

‘মৰমৰ মোদীজী’ আৰু ‘হিমন্ত মামা’লৈ অসমৰ দুটি কণমানিৰ চিঠি, চিঠি পঢ়ি এতিয়া হতবাক সকলো…

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক দাঁত কেইটা কেতিয়াকৈ ওলাব বুলি প্ৰশ্ন কৰাৰ লগতে, শীঘ্ৰেই দাঁত কেইটা ওলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আৱেদন জনায় ৰাওজা আৰু আৰিয়ানে

ভীষণ সমস্যাত পৰিছে অসমৰ দুটি কণমানি। নিজৰ সমস্যা সমাধানৰ বাবে অপাৰগ দুয়োজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে এখন চিঠি।

ছবছৰীয়া কণমানি ৰাওজা আৰু তাইৰ পাঁচবছৰীয়া ভায়েক আৰিয়ানে তেওঁলোৰ আগফালৰ দাঁত দুটা নগজাত এতিয়া সমস্যাত পৰিছে বায়েক-ভায়েক। কণমানি দুটাৰ দাঁত গজিবলৈ সময়তকৈ অধিক সময় লোৱাত নিৰুপায় ৰাওজা আহমেদ আৰু আৰিয়ান ইছলামে লিখিছে এই চিঠি। দাঁত দুটা নোহোৱাৰ বাবে প্ৰিয় খাদ্য খোৱাত কণমানি দুটাৰ অসুবিধা হোৱাৰ কথা উল্লেখ কৰে চিঠিৰ জৰিয়তে।

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক দাঁত কেইটা কেতিয়াকৈ ওলাব বুলি প্ৰশ্ন কৰাৰ লগতে, শীঘ্ৰেই দাঁত কেইটা ওলোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আৱেদন জনায় ৰাওজা আৰু আৰিয়ানে।

 

উল্লেখযোগ্য যে, দুয়োৰে খুৰাক মুখতাৰ আহমেদে ফেচবুকত কণমানি দুটাৰ সৰল চিঠি দুখনৰ ফটো শ্বেয়াৰ কৰিছিল। এই বিশেষ চিঠি দুখন ফেচবুকত শ্বেয়াৰ কৰাৰ লগে-লগে মুহূৰ্ততে ভাইৰেল হৈ পৰে। চিঠিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ সমান্তৰালকৈ সকলোৱে মৰমেৰে ওপচাই তুলে ফেচবুক পোষ্টৰ কমেন্ট বক্সত। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও শ্বেয়াৰ কৰে কণমানি দুটাৰ চিঠিখন। লগতে দুয়োৰে বাবে গুৱাহাটীত এজন ভাল দন্ত চিকিৎসকৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.